ব্লেক ষ্ট’নেৰে নির্মিত ভগৱান ৰামৰ মূর্তি ৫১ ইঞ্চি উচ্চতাৰ
🔹 শ্রীৰাম জনমভূমি তীর্থক্ষেত্রৰ সাধাৰণ সম্পাদক সম্পত ৰায়ৰ ঘোষণা
বিশেষ বাৰ্তা, ৮ জানুৱাৰী : উত্তৰ প্রদেশৰ অযোধ্যাত নির্মীয়মাণ ৰাম মন্দিৰত প্রাণ প্রতিষ্ঠা কৰিবলগীয়া ভগৱান ৰামৰ মূর্তিক লৈ বিতং তথ্য প্রকাশ কৰিছে শ্রীৰাম জনমভূমি তীর্থ ক্ষেত্রৰ সাধাৰণ সম্পাদক সম্পত ৰায়ে৷ সামাজিক মাধ্যমযোগে ভগৱান ৰামৰ মূর্তি সন্দর্ভত সম্পত ৰায়ে কয় যে ভগৱান শ্রীৰামলালাৰ মূর্তিটো পাঁচ বছৰীয়া শিশুৰ আকাৰত নির্মাণ কৰা হৈছে৷ ব্লেক ষ্ট’নেৰে নির্মাণ কৰা ৫১ ইঞ্চি উচ্চতাৰ এই ভগৱানৰ মূর্তিটো অতি আকর্ষণীয় হ’ব৷ অহা ২২ জানুৱাৰীত আনুষ্ঠানিকভাৱে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ উপস্থিতিত ৰাম মন্দিৰ মুকলি কৰাৰ পূর্ণ প্রস্তুতিৰে ইতিমধ্যে শ্রীৰাম জনমভূমি তীর্থ ক্ষেত্র আগবাঢ়ি গৈছে৷ ১৬ জানুৱাৰীৰ পৰাই অযোধ্যাত ৰাম মন্দিৰত বৈদিক পৰম্পৰাৰে শিশু ভগৱান ৰামৰ প্রাণ প্রতিষ্ঠা উৎসৱ আৰম্ভ হ’ব৷ মন্দিৰত ভগৱান ৰামৰ মূর্তিৰ উপৰি প্রথম মহলাত সীতাৰ মূর্তি৷ ভগৱান হনুমানৰ সৈতে ৩ ভাতৃক প্রতিষ্ঠা কৰা হ’ব৷ এইখিনি সমাপন কৰিবলৈ ৬ৰ পৰা ৮ মাহ সময় লাগিব৷