নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

১৩ জানুৱাৰীত বিহাৰৰ পৰাই লোকসভাৰ প্রচাৰ অভিযান মোদীৰ

বিশেষ বাৰ্তা, ৮ জানুৱাৰী : সমাগত ২০২৪ লোকসভা নির্বাচনৰ প্রচাৰ অভিযান বিহাৰৰ পৰাই আৰম্ভ কৰিব প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ ১৩ জানুৱাৰীত ৰাজ্যখনৰ চম্পাৰণ জিলাৰ ৰমণ ময়দানত বিশাল জনসমাৱেশ সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে লোকসভা নির্বাচনৰ ৰণশিঙা বজাব৷ উক্ত দিনাই প্রধানমন্ত্রী মোদীয়ে কেইবাটাও উন্নয়নমূলক প্রকল্পৰ আধাৰশিলা স্থাপন কৰাৰ লগতে কেইবাটাও প্রকল্প মুকলি কৰিব৷ এই প্রকল্পসমূহৰ ভিতৰত পথ, দলঙকে ধৰি অন্যান্য খণ্ডৰ প্রকল্প আছে৷ বিহাৰত ৪০খন লোকসভাৰ আসন জয়লাভৰ লক্ষ্যৰে বিজেপিয়ে প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ নেতৃত্বত ৰাজ্যখনত প্রচাৰ অভিযান আৰম্ভ কৰিব বুলি দলটোৰ শীর্ষ সূত্রত প্রকাশ পাইছে৷ প্রধানমন্ত্রী মোদীৰ উপৰি বিজেপিৰ জ্যেষ্ঠ নেতা, কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ, বিজেপিৰ ৰাষ্ট্রীয় সভাপতি জে পি নাড্ডায়ো জানুৱাৰী মাহতে বিহাৰত কেইবাখনো সভাত অংশ ল’ব৷

You might also like