কৃষক ভক্ষণকাৰী বাঘক হত্যা কৰিবলৈ নির্দেশ কেৰালা চৰকাৰৰ
বিশেষ বাৰ্তা, ১২ ডিচেম্বৰ : কেৰালাৰ ৱায়ানাড় জিলাত খেতিপথাৰত কর্মৰত কৃষকক ভক্ষণ কৰা বাঘ এটাক হত্যা কৰিবলৈ নির্দেশ দিছে কেৰালা চৰকাৰে৷ যোৱা শনিবাৰে জিলাখনৰ প্রজিশ নামৰ ৩৬ বছৰীয়া কৃষক এজনক বাঘে আক্রমণ কৰাৰ লগতে তেওঁৰ মৃতদেহটোৰ অর্ধাংশ ভক্ষণ কৰে৷ এই ঘটনাটোৰ পিছতে বাঘটোক হত্যা কৰিবলৈ ৰাজ্যখনৰ বন বিভাগে নির্দেশ জাৰি কৰিছে৷ এই নির্দেশত অৱশ্যে এটা কথা স্পষ্টকৈ উল্লেখ কৰা হৈছে যে বাঘটো কৃষকজনৰ আক্রমণত জড়িত থকাটো নিশ্চিত হ’ব লাগিব৷ মন কৰিবলগীয়া যে নৰখাদক বাঘটোক যদি কৰায়ত্ত কিম্বা অচেতন কৰিব পৰা নাযায়, তেতিয়াহ’লে এই নৰখাদকটোক হত্যা কৰাটো প্রয়োজনীয়৷ কিয়নো, এনে বাঘ অঞ্চলটোৰ মানৱ জীৱনৰ প্রতি বিপজ্জনক হৈ উঠিব পাৰে৷ ইতিমধ্যে নৰখাদক বাঘটোৰ চাল–চলন নিৰীক্ষণ কৰিবলৈ বন বিভাগে বিভিন্ন ঠাইত ১১টা কেমেৰা স্থাপন কৰিছে৷ এই কেমেৰাবোৰৰ জৰিয়তে বাঘটোৰ চাল–চলন নিৰীক্ষণ কৰি তাৰ ওপৰত ব্যৱস্থা গ্রহণ কৰা হ’ব৷ উল্লেখনীয় যে চলিত বর্ষৰ জানুৱাৰী মাহতো উক্ত অঞ্চলত ৫২ বছৰীয়া কৃষক এজনক বাঘে ভক্ষণ কৰিছিল৷