বিশ্বৰ আটাইতকৈ বিশাল কার্যালয় ভৱন
🔹 পেণ্টাগনক অতিক্রমি চমক
বিশেষ বাৰ্তা, ২১ জুলাই : বিশ্বৰ আটাইতকৈ ওখ প্রাসাদৰ নাম বুর্জ খলিফা৷ ডুবাইৰ এই বহুমহলীয়া অট্টালিকাক লৈ চর্চাৰ শেষ নাই৷ কিন্তু আটাইতকৈ বৃহৎ কার্যালয় ক’ত আছে, তাক লৈ কেতিয়াও আলোচনা নহ’ল৷ বৃহৎ কার্যালয় ভৱন হৈছে আমেৰিকাৰ পেণ্টাগন৷ বিশ্বৰ আটাইতকৈ বৃহৎ এই কার্যালয় ভৱন পেণ্টাগন ভার্জিনিয়াৰ বিশাল অঞ্চলত বিস্তৃত হৈ আছে ৷ এইবাৰ পেণ্টাগনৰ এই মুকুট কাঢ়ি লৈছে ভাৰতে ৷ গুজৰাটৰ এটা কার্যালয় ভৱন আমেৰিকাৰ প্রতিৰক্ষা দপ্তৰ পেণ্টাগনতকৈও বিশাল ৰূপত নির্মাণ কৰা হৈছে ৷ গুজৰাটৰ চুৰাটত গঢ়ি উঠিছে বিশ্বৰ আটাইতকৈ বৃহৎ কার্যালয় ভৱন ৷ ইয়াৰ নাম চুৰাট ডায়মণ্ড বুর্ছ ৷ হীৰা প্রস্তুতৰ যাৱতীয় কাম–কাজ এই কার্যালয়ত চলে৷ চিএনএনৰ প্রতিবেদন অনুযায়ী চুৰাট ডায়মণ্ড বুর্ছ এটা ১৫ মহলীয়া কার্যালয় ভৱন৷ ৩৫ একৰ অঞ্চলজুৰি এই কার্যালয় ভৱনটো নির্মাণ কৰা হৈছে৷ আকাৰত ই আমেৰিকাৰ পেণ্টাগনতকৈও বিশাল৷ কার্যালয়টোত ৬ লাখ ৬০ হাজাৰ বর্গমিটাৰ কাম–কাজৰ অঞ্চল (ফ্ল’ৰ এৰিয়া) আছে৷ পেণ্টাগনত আছে ৬ লাখ ২০ হাজাৰ বর্গমিটাৰ ফ্ল’ৰ এৰিয়া৷ পেণ্টাগনত ২৬ হাজাৰ কর্মচাৰী থকাৰ বিপৰীতে চুৰাট ডায়মণ্ড বুর্ছত প্রায় ৬৫ হাজাৰ লোকে একেলগে কাম কৰে৷ গতিকে বিশ্বৰ সর্ববৃহৎ কার্যালয় হিচাপে এতিয়া স্থান লাভ কৰিছে চুৰাট ডায়মণ্ড বুর্ছে৷