পুত্রই যুৱতীক পলুৱাই নিয়া বাবে মাতৃক উলংগ কৰি সমদল
বিশেষ বাৰ্তা, ১২ ডিচেম্বৰ : কর্ণাটকৰ বেলাগাভী জিলাৰ হাণ্টামুৰী গাঁৱত পুত্রই এগৰাকী যুৱতীক পলুৱাই নিয়া বাবে একাংশ লোকে মাতৃক উলংগ কৰি ৰাজপথত সমদল কৰাৰ লগতে বৈদ্যুতিক খুঁটাত বান্ধি নির্যাতন চলোৱা ভয়ংকৰ ঘটনা পোহৰলৈ আহিছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, এগৰাকী যুৱতীক যুৱক এজনে পলুৱাই নিয়াৰ পিছতে যুৱকজনৰ বাসগৃহত কন্যাগৰাকীৰ পৰিয়ালৰ লোকে আক্রমণ চলায়৷ বাসগৃহ লণ্ডভণ্ড কৰাৰ লগতে মাতৃক ৰাজপথলৈ টানি আনি উলংগ কৰি সমদল কৰাৰ পিছত বৈদ্যুতিক খুঁটাত বান্ধি নির্যাতন চলায়৷ আৰক্ষীয়ে ঘটনাস্থলীলৈ গৈ খুঁটাত বান্ধি থোৱা মহিলাগৰাকীক উদ্ধাৰ কৰাৰ লগতে এই ঘটনাত জড়িত সাতজনক গ্রেপ্তাৰ কৰিছে৷ বেলাগাভী আৰক্ষী আয়ুক্ত ছিদ্দাৰাম্পাই প্রকাশ কৰা মতে, ২৪ বছৰীয়া অশোক আৰু ১৮ বছৰীয়া প্রিয়ংকা নামৰ একে সম্প্রদায়ৰ যুৱক–যুৱতীহালৰ মাজত প্রেমজনিত সম্পর্ক আছিল আৰু কালি দিনৰ প্রায় ১২.৩০ বজাত গাঁও এৰি পলায়ন কৰে৷ ইয়াৰ পিছতেই এই ঘটনাটো সংঘটিত হয়৷