নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘জন ধন একাউণ্ট’ৰ সংখ্যাই অতিক্রম কৰিলে ৫০ কোটি

🔹 সন্তুষ্টি প্রকাশ প্রধানমন্ত্রী মোদীৰ
বিশেষ বাৰ্তা, ১৯ আগষ্ট : ২০১৪ চনৰ ১৫ আগষ্টৰ স্বাধীনতা দিৱসৰ অনুষ্ঠানত দেশৰ সকলো নাগৰিকৰ বাবে ‘জন ধন যোজনা’ৰ কথা ঘোষণা কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে৷ এই যোজনা আৰম্ভ হৈছিল ২৮ আগষ্টত৷ বিগত ৯ বছৰত ‘জন ধন যোজনা’ৰ একাউণ্টে ৫০ কোটিৰ সীমা অতিক্রম কৰিছে৷ এই পদক্ষেপক ‘গুৰুত্বপূর্ণ মাইলফলক’ বুলি অভিহিত কৰিছে প্রধানমন্ত্রী মোদীয়ে৷ ছ’চিয়েল মিডিয়াত এই সন্দর্ভত সন্তুষ্টি প্রকাশ কৰা দেখা গ’ল মোদীক৷ মোদীয়ে উল্লেখ কৰে যে এই একাউণ্টবোৰৰ আধাতকৈও বেছি দেশৰ নাৰীশক্তিৰ অধীনত আছে৷ গ্রামীণ আৰু মফচলীয় অঞ্চলত ৬৭ শতাংশ একাউণ্ট খোলাৰ লগতে আর্থিক অন্তর্ভূক্তিৰ সুবিধাবোৰ দেশৰ প্রতিটো প্রান্তৰ লোকে লাভ কৰা বুলিও প্রধানমন্ত্রী মোদীয়ে উল্লেখ কৰে৷ বিত্ত মন্ত্রালয়ে সদৰী কৰা অনুসৰি ৯ আগষ্টলৈকে দেশত জন ধন একাউণ্টৰ সংখ্যাই ৫০ কোটি অতিক্রম কৰিছে৷ এই একাউণ্টবোৰত জমা আছে ২.০৩ লাখ কোটি টকা৷

You might also like