নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাক সন্ত্রাসবাদী-এ ভুগিব লাগিব অকল্পনীয় পৰিণাম

🔹 পাক সন্ত্রাসবাদী-ক হুংকাৰ প্রধানমন্ত্রীৰ

নিউজ ডেস্ক, ২৫ এপ্রিল : পাক সন্ত্রাসবাদী-ক লৈ দুমুখীয়া নীতি গ্রহণ কৰি থকা সন্ত্রাসবাদৰ পৃষ্ঠপোষক পাকিস্তানক হুংকাৰ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ৷ পাক সন্ত্রাসবাদীয়ে জম্মু–কাশ্মীৰৰ পেহেলগামত দেশী–বিদেশী পর্যটকক বর্বৰতাৰে হত্যালীলা চলোৱাৰ পিছত কালি প্রধানমন্ত্রী মোদীয়ে প্রথমবাৰৰ বাবে ৰাজহুৱাকৈ ইয়াৰ পৰিণাম পাকিস্তানে ভুগিব লাগিব বুলি হুংকাৰ দিয়ে৷ বিহাৰৰ মধুবানীত ৰাষ্ট্রীয় পঞ্চায়তীৰাজ দিৱসত অংশ লৈ প্রধানমন্ত্রী মোদীয়ে পাকিস্তানক কঠোৰ সকীয়নি দি কয়– পেহেলগামৰ নৃশংস হত্যাকাণ্ডৰ আঁৰত যিসকল আছে, তেওঁলোকক কঠোৰ শাস্তি বিহা হ’ব৷ পাক সন্ত্রাসবাদীয়ে অকল্পনীয় পৰিণাম ভুগিব লাগিব৷

সন্ত্রাসবাদ সমূলঞ্চে নির্মূলৰ হুংকাৰ দি প্রধানমন্ত্রী মোদীয়ে পুনৰ কয় যে ভাৰতে প্রতিটো সন্ত্রাসবাদী আৰু তাৰ পিছত থকাসকলক চিনাক্ত কৰি য’তেই নাথাকক কিয়, তাতেই বিচাৰি উলিয়াই শাস্তি বিহিব৷ তদুপৰি সন্ত্রাসবাদীক লালন–পালন কৰা ভূমি ধূলিৰে উৰুৱাই দিয়াৰ সময়ো আহিছে বুলি কয় প্রধানমন্ত্রী মোদীয়ে৷ বিশাল সমাৱেশ সম্বোধন কৰি প্রধানমন্ত্রী মোদীয়ে কয় যে সমগ্র দেশবাসী তেওঁৰ সৈতে আছে আৰু সন্ত্রাসবাদৰ সৈতে জড়িত লোকক যিধৰণৰ শাস্তি বিহা হ’ব, সেয়া সন্ত্রাসবাদীয়ে কল্পনা কৰিব নোৱাৰিব৷ সন্ত্রাসবাদে কেতিয়াও ভাৰতৰ উদ্যম ভাঙিব নোৱাৰে বুলি উল্লেখ কৰি প্রধানমন্ত্রী মোদীয়ে কয়– আজি মই বিহাৰৰ ভূমিৰ পৰা সমগ্র বিশ্বক কওঁ– ভাৰতে প্রতিটো সন্ত্রাসবাদী আৰু ইয়াৰ লগত জড়িতসকলক চিনাক্ত কৰিব, বিচাৰি উলিয়াব আৰু শাস্তি বিহিব৷ পৃথিৱীৰ য’তেই নাথাকক কিয়, সেইসকলক বিচাৰি উলিওৱা হ’ব৷ সন্ত্রাসবাদীক শাস্তি নিবিহাকৈ এৰি দিয়া নহ’ব, ন্যায়ৰ বাবে সকলো পদক্ষেপ গ্রহণ কৰা হ’ব৷

ভাষণৰ আৰম্ভণিতে মৌনতা অৱলম্বন কৰি প্রাণ হেৰুওৱাসকলৰ প্রতি শ্রদ্ধা জনাই প্রধানমন্ত্রী মোদীয়ে তেওঁৰ ভাষণ আগবঢ়াই পেহেলগামৰ প্রসংগ উত্থাপনেৰে পাকিস্তানক আক্রমণৰ লক্ষ্য কৰি লয়৷ পেহেলগামৰ সন্ত্রাসবাদী আক্রমণক সমগ্র দেশৰ লগতে বিশ্বনেতাই গৰিহণা জনাই ভাৰতৰ সৈতে সহমর্মিতা প্রকাশৰ বাবে প্রধানমন্ত্রী মোদীয়ে কৃতজ্ঞতা জ্ঞাপন কৰে৷ উল্লেখ্য যে পেহেলগামত সন্ত্রাসবাদীয়ে নৰসংহাৰ চলোৱাৰ সময়ত প্রধানমন্ত্রী মোদী দুদিনীয়া ভ্রমণেৰে ছৌদি আৰবত আছিল৷ পেহেলগামৰ হত্যাকাণ্ডৰ পিছত ভ্রমণ চমু কৰি ছৌদি আৰবৰ পৰা পৰহি পুৱা উভতি আহে৷ উভতি আহিয়েই প্রধানমন্ত্রী মোদীয়ে পাকিস্তানৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ ইংগিত দি সুৰক্ষা সম্পর্কীয় কেবিনেট বৈঠকত অংশ লয়৷

এই বৈঠকতে পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কঠোৰ কূটনৈতিক সিদ্ধান্ত গ্রহণ কৰে৷ যি সিদ্ধান্তই পাকিস্তানক শ’লঠেকত পেলাইছে৷ উল্লেখ্য যে ২২ এপ্রিলৰ দুপৰীয়া পাক সন্ত্রাসবাদীয়ে পেহেলগামত পৰিয়ালৰ সৈতে প্রাকৃতিক সৌন্দর্য উপভোগ কৰি থকা পর্যটকক ধর্মৰ পৰিচয় সুধি আনকি পেণ্ট খুলি পৰীক্ষা–নিৰীক্ষা চলাই শূন্য দূৰত্বৰ পৰা নির্মমভাৱে গুলীয়াই হত্যা কৰিছিল৷ দেশী–বিদেশী ২৮ পুৰুষ পর্যটকক বর্বৰতাৰে হত্যা কৰে পাক সন্ত্রাসবাদীয়ে৷ ছৌদি আৰবতেই এই আক্রমণৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্রহণৰ ইংগিত দিয়া প্রধানমন্ত্রী মোদীয়ে কালি প্রথমবাৰৰ বাবে ৰাজহুৱাকৈ পাকিস্তানক হুংকাৰ দিয়ে৷

You might also like