বিমানে গতি পোৱা নাই, ওপৰলৈ উঠিব পৰা নাই আমি
🔹 ‘মেডে কল’ত দুর্ভগীয়া পাইলটৰ চিৎকাৰ
🔹 এয়াৰ ট্রেফিক কন্ট্ৰ’ললৈ বার্তা প্রেৰণ কৰিও নহ’ল শেষ ৰক্ষা
নিউজ ডেস্ক, ১৩ জুন : গুজৰাটৰ আহমেদাবাদ চর্দাৰ বল্লভভাই পেটেল আন্তর্জাতিক বিমানবন্দৰৰ পৰা লণ্ডনলৈ উৰা মৰাৰ পাছতেই এয়াৰ ইণ্ডিয়াৰ ১৭১ বিমানখন দুর্ঘটনাত পতিত হয়৷ পাইলট–কর্মচাৰীসহ ২৪২জন যাত্রী থকা বিমানখন উৰণৰ পাছতে পাইলটগৰাকীয়ে এয়াৰ ট্রেফিক কন্ট্ৰ’ললৈ মেডে কল কৰিছিল৷ ৬২৫ ফুট উচ্চতাত থকা সময়ত বিমানখনৰ পাইলটে মেডে কল কৰি বিপদ বার্তা এয়াৰ ট্রেফিক কন্ট্ৰ’ললৈ প্রেৰণ কৰে যদিও শেষ ৰক্ষা নহ’ল বিমানখনৰ৷ ডাইৰেক্টৰেট জেনেৰেল অৱ চিভিল এভিয়েচনে বিবৃতিযোগে এই তথ্য দাবী কৰিছে৷
পাইলটজনে মেডে কল কৰিলেও এয়াৰ ট্রেফিক কন্ট্ৰ’লে তাৰ কোনো প্রত্যুত্তৰ কিম্বা সঁহাৰি দিবলৈ সক্ষম নহ’ল এই কাৰণে যে বিমানখন উৰণৰ পিছতে সকলো যোগাযোগ বিচ্ছিন্ন হৈ পৰে৷ অভিজ্ঞ পাইলটগৰাকীয়ে আহমেদাবাদ চর্দাৰ বল্লভভাই পেটেল আন্তর্জাতিক বিমানবন্দৰৰ ৰানৱে’ ২৩ৰ পৰা লণ্ডনমুখী উৰণ আৰম্ভ কৰাৰ এক মিনিটতে মেডে কল কৰি জনাইছিল যে বিমানখনে গতি লোৱা নাই আৰু ই উৰিবও পৰা নাই৷ বিমানখনৰ ইঞ্জিনৰ এক বিসংগতি হোৱা বুলি পাইলটজনে মেডে কল কৰিলেও তাৰ পৰা কোনো সুফল নহ’ল৷ মেডে কল হৈছে বিমান সেৱাৰ পৰিভাষাত বিপদ সংকেত৷ আপদকালীন পৰিস্থিতিত পাইলটে এই শব্দ ব্যৱহাৰ কৰি এয়াৰ ট্রেফিক কন্ট্ৰ’ললৈ বার্তা প্রেৰণ কৰে৷ ফৰাচী শব্দ মেইডাৰৰ পৰা মেডে হৈছে৷ যাৰ অর্থ হৈছে আমাক সহায় কৰক৷ আকাশমার্গত বিমানৰ সৈতে এটিচিয়ে যোগাযোগ কৰাকে মেডে কল বুলি কয়৷ বিমানৰ ইঞ্জিনৰ বিসংগতি হ’লে, দুর্যোগপূর্ণ পৰিস্থিতিত পৰিলে, বিমানৰ যান্ত্রিক বিজুতি ঘটিলে কিম্বা উৰণৰ সময়ত কোনো যাত্রী অসুস্থ হৈ পৰিলে মেডে কল কৰা হয়৷ ইপিনে, আহমেদাবাদৰ পৰা লণ্ডনগামী এআই–১৭১ত ৫০ হাজাৰ লিটাৰতকৈ অধিক ইন্ধন থকাৰ পৰিপ্রেক্ষিতত বিমানখন বিস্ফোৰিত হোৱা বুলি চর্চিত হৈছে৷