নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

২০২২–২০২৪ চনলৈ ৩৮বাৰ বিদেশ ভ্রমণ প্রধানমন্ত্রীৰ

🔹 ৰাজ্যসভাত ৰাজ্যিক বৈদেশিক মন্ত্রী মার্ঘেৰিটাৰ তথ্য

🔹 মোদীৰ বিদেশ ভ্রমণত ব্যয় ২৫৮ কোটি টকা

নিউজ ডেস্ক, ২২ মার্চ : প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ বিদেশ ভ্রমণ এক চর্চাৰ বিষয়৷ বিগত ২০২২ চনৰ মে’ৰ পৰা ২০২৪ৰ ডিচেম্বৰলৈ প্রধানমন্ত্রী মোদীৰ বিদেশ ভ্রমণত ব্যয় হৈছে ২৫৮ কোটি টকা৷ এই সময়ছোৱাত প্রধানমন্ত্রী মোদীয়ে ৩৮বাৰ বিদেশ ভ্রমণ কৰিছে৷ কেন্দ্রীয় ৰাজ্যিক বৈদেশিক মন্ত্রী পৱিত্র মার্ঘেৰিটাই ৰাজ্যসভাত প্রধানমন্ত্রীৰ এই ভ্রমণ আৰু ব্যয়ৰ তথ্য দাঙি ধৰিছে৷ এক প্রশ্নৰ উত্তৰত ৰাজ্যিক বৈদেশিক মন্ত্রী মার্ঘেৰিটাই কয় যে ২০২২ চনৰ মে’ৰ পৰা ২০২৪ৰ ডিচেম্বৰলৈ প্রধানমন্ত্রীয়ে ৩৮বাৰ বিদেশ ভ্রমণ কৰিছে৷ চৰকাৰৰ তথ্য মতে, প্রধানমন্ত্রীৰ ২০২৩ চনৰ জুনত আমেৰিকা ভ্রমণত সর্বাধিক ২২ কোটিতকৈ অধিক টকা ব্যয় হৈছে৷ উল্লেখ্য যে প্রধানমন্ত্রীৰ বিদেশ ভ্রমণৰ বাবে কিমান খৰচ হৈছে, সেই প্রশ্ণ ৰাজ্যসভাৰ বিৰোধী দলপতি মল্লিকার্জুন খার্গেই উত্থাপন কৰিছে৷ সেই প্রশ্ণৰ উত্তৰত চৰকাৰৰ তথ্য প্রকাশ কৰে মার্ঘেৰিটাই৷ ২০২৩ চনৰ জুনত আমেৰিকা ভ্রমণৰ সময়ত ব্যয় হৈছিল ২২,৮৯,৬৮,৫০৯ টকা৷ ইপিনে, ২০২৪ চনৰ ছেপ্টেম্বৰত আমেৰিকা ভ্রমণত ব্যয় হৈছিল ১৫,৩৩,৭৬,৩৪৮ টকা৷ ২০২২ৰ মে’ত জার্মানী ভ্রমণ কৰাৰ পাছত ২০২৪ৰ ডিচেম্বৰত কুৱেইট ভ্রমণ কৰিছিল প্রধানমন্ত্রীগৰাকীয়ে৷ ২০২৩ চনৰ মে’ত জাপান ভ্রমণৰ সময়ত ব্যয় হৈছিল ১৭,১৯,৩৩,৩৫৬ টকা৷ তেনেদৰে ২০২২ৰ মে’ত নেপাল ভ্রমণত ব্যয় হৈছিল ৮০,০১,৪৮৩ কোটি টকা৷

You might also like