নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আফগানিস্তানত ৬.১ প্ৰাবল্যৰ ভূমিকম্প

🔹 উত্তৰ ভাৰততো তীব্ৰ জোকাৰণি অনুভূত

বাৰ্তা ডিজিটেল ডেস্ক, ১১ জানুৱাৰী : ভূঁইকঁপে জোকাৰি গ’ল আফগানিস্তানক। জানিব পৰা মতে, আজি বিয়লি  ২.৫০ বজাত ৬.১ প্ৰাবল্যৰ ভূমিকম্পই সমগ্ৰ আফগানিস্তানক জোকাৰি যায়। ফলত আতংকিত হৈ পৰে দেশখনৰ নাগৰিক। উল্লেখ্য এই ভূমিকম্পৰ জোকাৰণি উত্তৰ ভাৰতৰো বহু স্থানত অনুভূত হয়। উত্তৰ ভাৰতৰ কিছু অংশৰ লগতে  দিল্লী এনচিআৰত তীব্ৰ কঁপনিৰ খবৰ পোৱা গৈছে। নেচনেল চেণ্টাৰ ফৰ ছিজম’লজীৰ মতে, এই ভূমিকম্পৰ অভিকেন্দ্ৰ কাবুলৰ পৰা প্ৰায় ২৪১ কিলোমিটাৰ উত্তৰ-পূবত। ভাৰতৰ ৰাজধানী অঞ্চলৰ লগতে  নয়দা, গাজিয়াবাদ, ফৰিদাবাদ, গুৰুগ্ৰামতো ভূমিকম্পৰ কম্পন অনুভূত হয়। এই ভূমিকম্পই পাকিস্তানৰো কেইবাখনো চহৰক জোকাৰি যায়।

You might also like