চন্দ্রত ৰঙা পতাকা উৰুৱালে চীনে
নিয়মীয়া বাৰ্তা, ৬ ডিচেম্বৰঃ জোনবাইৰ বুকুত উৰিল ৰঙা চীনৰ পতাকা৷ আমেৰিকা যুক্তৰাষ্ট্রৰ চন্দ্রৰ বুকুত পতাকা উৰুওৱাৰ ৪ দশকৰ মূৰকত দ্বিতীয় দেশ হিচাপে চীনে এই কৃতিত্ব অর্জন কৰিলে৷ ১৯৬৯ চনত আমেৰিকা যুক্তৰাষ্ট্রৰ এপল’ অভিযানত চন্দ্রৰ বুকুত দেশখনে পতাকা উৰুওৱাৰ লগতে উপগ্রহটোত প্রথমবাৰৰ বাবে মানৱে পদার্পণ কৰিছিল৷ উক্ত সময়ৰ পৰা ১৯৭২ চনলৈকে ছবাৰতকৈও অধিক অভিযানত আমেৰিকাই ১২ মহাকাশাৰীক চন্দ্রৰ পৃষ্ঠত অৱতৰণ কৰাবলৈ সক্ষম হৈছিল৷
লগতে পঢ়কঃ ৬৬ বছৰীয়া দেউতাক বিয়া কৰাই দিলে পুত্ৰই, ৬৩ বছৰীয়া নতুন মাতৃ পায় সম্পূর্ণ হ’ল পৰিয়াল
দেশখনে চন্দ্রৰ পৰা ৩৮২ কিলোগ্রাম শিল আৰু মাটি সংগ্রহ কৰি পৃথিৱীলৈ আনিছে৷ আমেৰিকাৰ এই অভিযানক অনুকৰণ কৰি চীনেও চন্দ্রলৈ যান পঠিয়াই পতাকা উৰুওৱাৰ লগতে শিল আৰু মাটি সংগ্রহ কৰি আন এক অভিলেখ গঢ়িলে৷ চন্দ্রপৃষ্ঠৰ পৰা শিল আৰু মাটি সংগ্রহ কৰি পৃথিৱীলৈ লৈ অনা তৃতীয় দেশ চীন৷ ইয়াৰ পূর্বে আমেৰিকা আৰু ৰাছিয়াই এই কাম কৰিবলৈ সক্ষম হৈছিল৷ ১৯৭০ চনৰ পাছত চীনৰ মহাকাশ যানে চন্দ্রপৃষ্ঠৰ পৰা শিল আৰু মাটিৰ নমুনা পৃথিৱীলৈ কঢ়িয়াই আনিলে৷ চীন ৰাষ্ট্রীয় মহাকাশ কর্তৃপক্ষই (চি এছ এন এ) কালি চন্দ্রৰ বুকুত পতাকা উৰুওৱা আৰু তাৰ পৰা শিল, মাটি কঢ়িয়াই অনা আলোকচিত্র প্রকাশ কৰিছে৷ চীনৰ চাং–৫ লুনাৰ যানে শিল আৰু মাটিৰ নমুনা নির্ধাৰিত সময়তকৈ এদিন পূর্বে আনিবলৈ সক্ষম হৈছে৷
যোৱা ২৩ নৱেম্বৰত চীনৰ মহাকাশ যানখন উৎক্ষেপণ কৰাৰ পাছত মঙলবাৰে চন্দ্রপৃষ্ঠত অৱতৰণ কৰে৷ একবিংশ শতিকাত চন্দ্রপৃষ্ঠত অৱতৰণ কৰা এইখন হৈছে তৃতীয় যান৷ মঙলবাৰে নিশা চাং–৫ মহাকাশ যানখন সফলতাৰে চন্দ্রপৃষ্ঠত অৱতৰণ কৰে আৰু উপগ্রহটোৰ পৰা ২ কিলোগ্রাম শিল আৰু মাটি সংগ্রহ কৰে৷ বৃহস্পতিবাৰে মানৱবিহীন এই যানখনে চন্দ্রপৃষ্ঠৰ পৰা উভতি আহি পৃথিৱীৰ কক্ষপথত আছে৷
এতিয়াও পৃথিৱীৰ ভূপৃষ্ঠত অৱতৰণ কৰিবলৈ বাকী থকা যানখন যদি সফলতাৰে উভতি আহে, তেতিয়াহ’লে চীন হ’ব তৃতীয়খন দেশ৷ ১৯৬০ আৰু ১৯৭০ চনত আমেৰিকা আৰু ৰাছিয়াই শিল–মাটি সংগ্রহ কৰি পৃথিৱীলৈ সফলতাৰে উভতি আহিছিল৷ চীনৰ যাত্রা সফল হ’লে দেশখন হ’ব এনে কৃতিত্বৰ অধিকাৰী হোৱা তৃতীয় দেশ৷ মন কৰিবলগীয়া যে ১৯৭০ চনত চীনে প্রথম কৃত্রিম উপগ্রহ উৎক্ষেপণ কৰাৰ পাছত ক্রমাগতভাৱে মহাকাশ অভিযানত সফল হৈ আগবাঢ়ি গৈ আছে৷ সম্প্রতি দেশখন মহাকাশ অভিযানৰ অন্যতম শক্তি হিচাপে স্বীকৃতি পাইছে৷