নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

পাৰফিউমৰ উৎকট গোন্ধ, বিমানত মহিলাৰ খণ্ডযুদ্ধ, চীনৰ বিমানত অদ্ভুত কাণ্ড, দুঘণ্টা পলমকৈ উৰিল বিমান

নিউজ ডেস্ক, ৮ এপ্ৰিলঃ পাৰফিউমৰ ইমান তীব্র গোন্ধ কিয়? কাষৰ যাত্রীক প্রশ্ন কৰিছিল সহযাত্রীগৰাকীয়ে৷ এই ঘটনাক লৈ বিমানত কাজিয়াৰ সূত্রপাত৷ সেই কাজিয়া শেষত গৈ হতাহতিত পৰিণত হয়৷ দুয়োগৰাকী মহিলা যাত্রীক লৈ তেতিয়া বিমানৰ ভিতৰত হুলস্থূল পৰিস্থিতিৰ সৃষ্টি হয়৷ সহযাত্রীসকলে দুয়োগৰাকী মহিলাক শান্ত কৰাৰ চেষ্টা কৰে যদিও বাৰে বাৰে নিষ্ফল হ’বলগীয়া হয়৷ বিমান সেৱিকায়ো মহিলা দুগৰাকীক শান্ত হ’বলৈ বাৰে বাৰে অনুৰোধ জনায়৷ কিন্তু দুয়োগৰাকীক হতাহতিৰ পৰা আঁতৰাই অনাটো কঠিন হৈ পৰে৷ ইতিমধ্যে বিমান উৰাৰ সময় পাৰ হৈ গৈছে৷ এই কাজিয়াক লৈ দুঘণ্টাতকৈ অধিক সময় বিলম্ব হয় বিমানখনৰ উৰণো৷ এনে আজব ঘটনা ঘটিছে চীনৰ ছেনজেন এয়াৰলাইন্সৰ এখন বিমানত৷ দুয়োগৰাকী যাত্রীৰ মাজত শৰীৰৰ সুগন্ধি আৰু দুর্গন্ধক লৈ কাজিয়া৷ এগৰাকীয়ে দেহত সুগন্ধি পাৰফিউম লৈ আহিছে আৰু আনগৰাকীৰ গাৰ পৰা দুর্গন্ধ ওলাই আছে৷ গতিকে এই আজব বিষয়টোক লৈ দুয়োগৰাকী সহযাত্রী মহিলাৰ দুর্বাদল কাজিয়া৷ পলমকৈ হ’লেও বিমানখনৰ উৰণ সম্ভৱ হয় যদিও মহিলা দুগৰাকীৰ কাজিয়াক লৈ বিমানবন্দৰত হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হয়৷ উৰণ সংস্থাটোৰ তৰফৰ পৰা সদৰী কৰা অনুসৰি একেলগে বহিছিল দুয়োগৰাকী মহিলা৷ হঠাতে এজনীয়ে আনগৰাকীৰ মহিলাৰ শৰীৰৰ পৰা ওলোৱা দুর্গন্ধক লৈ তীব্র আপত্তি কৰে৷ এনে দুর্গন্ধ লৈ কিয় বিমানত উঠিছে বুলি সহযাত্রী মহিলাই প্রশ্ণ কৰাৰ লগে লগে অন্য মহিলাগৰাকীয়ে আৰম্ভ কৰি দিয়ে কাজিয়া৷ কিয় ইমান উৎকট গোন্ধৰ পাৰফিউম লোৱা বুলি ওলোটাই সহযাত্রীক আক্রমণ কৰিবলৈ উদ্যত হয় মহিলাগৰাকীয়ে৷ অর্থাৎ এগৰাকীৰ শৰীৰৰ দুর্গন্ধত আৰু আনগৰাকীৰ শৰীৰৰ পাৰফিউমৰ উৎকট গোন্ধক লৈ আৰম্ভ হয় কাজিয়া৷ কোনো এজনীয়েই শান্ত হ’বলৈ ৰাজী নহয়৷ কাজিয়া গৈ হতাহতিত পৰিণত হয়৷ উল্লেখনীয় যে শৰীৰৰ পৰা দুর্গন্ধ ওলাই থকা মহিলাগৰাকীক সহযাত্রীগৰাকীয়ে প্রশ্ণ কৰে কিয় পাৰফিউম লোৱা নাই বুলি৷ ইয়াৰ পিছতে ওলোটাই অন্য মহিলাগৰাকীয়ে সহযাত্রীক কিয় ইমান উৎকট গোন্ধৰ পাৰফিউম লৈছে বুলি প্রশ্ণ কৰে৷ এনে উৎকট গোন্ধৰ পাৰফিউমৰ বাবে যন্ত্রণা অনুভৱ কৰা বুলিও মহিলাগৰাকীয়ে মন্তব্য কৰে৷ ইয়াৰ পিছতে আৰম্ভ হৈ যায় কাজিয়া৷ অৱশ্যে দুঘণ্টাতকৈ অধিক সময়ৰ পিছত মহিলা দুয়োগৰাকীক কোনোমতে শান্ত কৰি বিমানখনে গন্তব্য স্থানলৈ উৰা মাৰে৷

You might also like