আমেৰিকাই ওভতাই দিলে ভাৰতৰ আম
🔹 ৰপ্তানিকাৰীৰ ৫ লাখ মার্কিন ডলাৰৰ ক্ষতি
নিউজ ডেস্ক, ২০ মে’ : আমেৰিকা যুক্তৰাষ্ট্র আৰু ভাৰতৰ মাজত বাণিজ্যিক চুক্তি সম্পন্ন হোৱাৰ ক্ষণ গণি থকাৰ মাজতে আমেৰিকাই ভাৰতৰ ৰপ্তানিকৃত আম দেশখনৰ বিমানবন্দৰৰ পৰা ওভতাই পঠাইছে৷ চলিত মাহত ভাৰতৰ পৰা ৰপ্তানি কৰা বিপুল পৰিমাণৰ আম আমেৰিকা যুক্তৰাষ্ট্রৰ লছ এঞ্জেলছ, ছান ফ্রান্সিছকো, আটালাণ্টাকে ধৰি কেইবাখনো প্রদেশৰ পৰা বিমানবন্দৰৰ পৰাই ওভতাই পঠিয়াইছে৷ অর্থাৎ ভাৰতীয় আম আমেৰিকাৰ বিমানবন্দৰত অৱতৰণ কৰাৰ পাছতে এই ৰপ্তানি বাতিল কৰিছে৷ ৰপ্তানিকৃত আম বিমানবন্দৰৰ পৰা ওভতাই পঠিওৱাত ভাৰতৰ আম ৰপ্তানিকাৰী ব্যৱসায়ী বৃহৎ ক্ষতিৰ সন্মুখীন হৈছে৷ আমেৰিকাৰ পৰা ওভতাই পঠিওৱা এই বিপুল পৰিমাণৰ আম নষ্ট হৈ যোৱাত আম ব্যৱসায়ীৰ ৫ লাখ মার্কিন ডলাৰৰ ক্ষতি হৈছে৷ উল্লেখ্য যে আম ব্যৱসায়ীয়ে তেওঁলোকৰ আমবোৰ আমেৰিকাতে পেলাই থৈ অহাৰ ইচ্ছা কৰিছিল যদিও দেশখনৰ নিয়মৰ বাবে সেই আমবোৰ ভাৰতলৈ ওভতাই আনিবলগীয়া হৈছে৷ পৰিণতিত আম ব্যৱসায়ীৰ লোকচান দুগুণ হৈ পৰে৷ আমৰ লগতে বিমানৰ ভাৰাও দুগুণ ভৰিবলগীয়া হয়৷ ১৫খন মালবাহী বিমানত এই আম আমেৰিকালৈ ৰপ্তানি কৰা হৈছিল৷