নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অৰণ্যত কিশোৰৰ দলবদ্ধ ধর্ষণৰ বলি কিশোৰী

🔹 দহ অভিযুক্তৰ বয়স ১১ৰ পৰা ১৬ বছৰৰ ভিতৰত

বিশেষ বাৰ্তা, ১২ মে’ : ইউৰোপীয় দেশ বেলজিয়ামত দলবদ্ধ ধর্ষণৰ বলি হৈছে এগৰাকী ১৪ বছৰীয়া কিশোৰী৷ এই ঘটনাক লৈ দেশখনত সৃষ্টি হৈছে চাঞ্চল্য৷ অভিযোগ অনুসৰি, নির্যাতিতাৰ কিশোৰ প্রেমিক আৰু তেওঁৰ বন্ধুসকলে লগ হৈ এখন অৰণ্যলৈ কিশোৰীজনীক লৈ যায়৷ তাত ২ এপ্রিলৰ পৰা ৬ এপ্রিলৰ ভিতৰত তিনিবাৰকৈ দলবদ্ধ ধর্ষণ কৰে এই কিশোৰকেইজনে৷ অভিযুক্তসকলৰ বয়স ১১ৰ পৰা ১৬ বছৰৰ ভিতৰত৷ ইতিমধ্যে আটাইকেইজন অভিযুক্তক আটক কৰিছে আৰক্ষীয়ে৷ ছুটীৰ সময়ত কিশোৰীজনীক অৰণ্যলৈ লৈ গৈ কিশোৰকেইজনে দলবদ্ধ ধর্ষণ কৰা বুলি অভিযোগ উঠিছে৷ আনকি অৰণ্যৰ ভিতৰতে তিনি দিন ধৰি কিশোৰীজনীক আবদ্ধ কৰি ৰখা হৈছিল৷ নির্যাতনৰ মুহূর্তৰ ভিডিঅ’ও প্রস্তুত কৰে কিশোৰকেইজনে৷ বেলজিয়ামৰ সংবাদ মাধ্যমৰ প্রতিবেদন অনুসৰি, অভিযুক্তসকলৰ প্রত্যেকেই কম–বেছি পৰিমাণে এই কিশোৰী নিগ্রহৰ সৈতে জড়িত৷ উল্লেখনীয় যে মুঠ ১০ অভিযুক্তৰ ভিতৰত ৬জনক এটা অঞ্চলত আবদ্ধ কৰি ৰখা হৈছে৷ বাকী চাৰিজন কিশোৰক গৃহবন্দী কৰিছে আৰক্ষীয়ে৷ এই যৌন নিগ্রহত আটাইতকৈ কম বয়সীয়া অভিযুক্তজনৰ বয়স ১১ বছৰ৷ যিহেতু আটাইকেইজনেই কিশোৰ, সেইবাবে সকলো তথ্য সদৰী কৰা নাই আৰক্ষীয়ে৷ কিন্তু অভিযুক্তসকলক চিহ্ণিত কৰি জুভেনাইল আদালতত হাজিৰ কৰোৱা হৈছে৷ ইফালে, নির্যাতিতাৰ সৈতে মনোৰোগ বিশেষজ্ঞই কাউন্সেলিং আৰম্ভ কৰিছে৷ ইফালে, কিশোৰীজনীৰ পৰাই অভিযুক্তসকলে কেনেধৰণে তেওঁক নির্যাতন চলাইছিল, সকলো কথা জানিবলৈ চেষ্টা কৰিছে তদন্তকাৰী আৰক্ষীয়ে৷ স্মর্তব্য যে পূর্বে বেলজিয়ামতে এটা কবৰখানাত এজনী ১৪ বছৰীয়া কিশোৰীক দলবদ্ধ ধর্ষণৰ অভিযোগ উঠিছিল কেইজনমান তৰুণৰ বিৰুদ্ধে৷ এইবাৰ পুনৰ শিহৰণকাৰী ঘটনা সংঘটিত হ’ল ইউৰোপীয় দেশখনত৷

You might also like