নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাতৃ–পত্নীৰ পিছত তিনি সন্তানক ছাদৰ পৰা দলিয়াই হত্যা 

🔹 নৃশংস হত্যাকাণ্ড : আত্মহনন ঘাতকৰ

বিশেষ বাৰ্তা, ১২ মে’ : উত্তৰ প্রদেশৰ সীতাপুৰ জিলাৰ প্লাহাপুৰ গাঁৱত এজন ব্যক্তিয়ে মাতৃ, পত্নী আৰু ৩ সন্তানক নৃশংসভাৱে হত্যা কৰি পিছত আত্মহননৰ পথ বাছি লোৱা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে৷ সীতাপুৰৰ আৰক্ষী চক্রেশ মিশ্রই প্রকাশ কৰা মতে, ৪৫ বছৰীয়া অনুৰাগ সিং নামৰ লোকজনে প্রথমতে তেওঁৰ মাতৃক গুলীয়াই হত্যা কৰে৷ পিছত তেওঁৰ পত্নীক প্রকাণ্ড হাতুৰীৰে কোবাই কোবাই হত্যা কৰাৰ অন্তত ৩ সন্তানক ছাদৰ পৰা দলিয়াই নৃশংসভাৱে হত্যা কৰে৷ ইয়াৰ পিছতেই অনুৰাগ সিং নামৰ লোকজনে নিজেও আত্মহননৰ পথ বাছি লয়৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, হত্যাকাৰী অনুৰাগ সিং মানসিকভাৱে অস্থিৰ লোক আছিল৷ সিঙে গুলীয়াই হত্যা কৰা মাতৃৰ নাম হৈছে সাবিত্রী সিং (৬২), পত্নী প্রিয়ংকা (৪০), ৩ সন্তান ১২ বছৰীয়া আছভি, ৮ বছৰীয়া আৰণা আৰু ৪ বছৰীয়া পুত্র আদবিক৷ এই ঘটনা সংঘটিত কৰাৰ পিছতে অনুৰাগ সিঙে গুলীয়াই আত্মহননৰ পথ বাছি লয়৷ স্থানীয় লোকৰ তথ্যৰ আধাৰত সীতাপুৰ আৰক্ষীয়ে আটাইকেইটা মৃতদেহ উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে চিকিৎসালয়লৈ প্রেৰণ কৰিছে৷ আৰক্ষীয়ে প্রকাশ কৰা মতে, সুৰাসক্ত অনুৰাগ সিং কিছুদিন ধৰি মানসিকভাৱে অস্থিৰ হৈ আছিল৷ সমগ্র ঘটনাটোৰ তদন্ত আৰক্ষীয়ে অব্যাহত ৰাখিছে৷ অঞ্চলটোৰ বাসিন্দাৰ পৰা এই সন্দর্ভত তথ্য সংগ্রহ কৰি থকা হৈছে৷

You might also like