নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পেই জিকিব, জলহস্তীৰ ভৱিষ্যদ্বাণী

নিয়মীয়া বাৰ্তা ডিজিটেল, ৬ নৱেম্বৰঃ বিশ্বৰ মহাপৰাক্রমী ৰাষ্ট্র আমেৰিকাৰ ৰাষ্ট্রপতি নির্বাচনত ড’নাল্ড ট্রাম্প নে কমলা হেৰিছে জয়লাভ কৰিব, ইতিমধ্যে তাক লৈ বিভিন্ন মহলত চলিছে অংক৷ আনকি এইক্ষেত্রত মানুহ বাদেই পশুৱেও ভৱিষ্যদ্বাণী কৰিব পাৰে বুলি ধাৰণা কৰিছে একাংশ মহলে৷ থাইলেণ্ডৰ এটা পোৱালি জলহস্তীক এইক্ষেত্রত ভৱিষ্যদ্রষ্টা হিচাপে ব্যৱহাৰ কৰা হৈছে৷ ফলাফল ঘোষণা হোৱাৰ পূর্বে ৰিপাব্লিকান প্রার্থী ড’নাল্ড ট্রাম্প আৰু ডেম’ক্রেটিক কমলা হেৰিছৰ কোন বিজয়ী হ’ব, এই সন্দর্ভত মু ডেং নামৰ থাইলেণ্ডৰ পোৱালি জলহস্তীটো ভৱিষ্যদ্রষ্টাৰ ভূমিকা ল’বলৈ ব্যৱহাৰ কৰা হৈছে৷ থাইলেণ্ডৰ ছি ৰাছাৰ খাও খিও অ’পেন জুত চিৰিয়াখানা কর্তৃপক্ষই খাদ্য প্রদানৰ সময়ত ট্রাম্প আৰু হেৰিছৰ নামত ফলভর্তি দুটা খৰাহি ৰাখি মু ডেঙক মুকলি কৰি দিছিল৷ তেতিয়াই তৰমুজ তথা অন্যান্য ফল থকা এই খৰাহি দুটাৰ এটালৈ লক্ষ্য কৰি আগবাঢ়ি যায় পোৱালি জলহস্তীটো৷ জলহস্তীটোৱে ট্রাম্পৰ নাম লিখি থোৱা খৰাহিৰ পৰা খাদ্য খাবলৈ ধৰে৷ তেতিয়াই থাইলেণ্ডৰ বিভিন্ন মহলে এইবাৰ নির্বাচনত ট্রাম্প বিজয়ী হ’ব বুলি মন্তব্য কৰিছে৷ লক্ষণীয়ভাৱে জুলাই মাহত জন্ম হোৱা এই জলহস্তী পোৱালিটো দর্শকক মনোৰঞ্জন দিবলৈ চিৰিয়াখানা কর্তৃপক্ষই ব্যৱহাৰ কৰি আহিছে৷

You might also like