নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বতৰ বিজ্ঞান বিভাগে জনালে ‘বিপৰ্যয়’ৰ ৰেহৰূপ

বিশেষ বাৰ্তা, ১৫ জুনঃ বৃহস্পতিবাৰে এখন সংবাদমেল আয়োজন কৰি ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ সঞ্চালকপ্ৰধান মৃত্যুঞ্জয় মহাপাত্ৰই ঘূৰ্ণি বতাহ ‘বিপৰ্যয়’ সন্দৰ্ভত কেতবোৰ তথ্য প্ৰদান কৰে। সঞ্চালকপ্ৰধান মহাপাত্ৰই কয় যে লেণ্ডফল সন্ধিয়াৰ পৰা আৰম্ভ হ’ব আৰু মাজনিশালৈকে চলিব। সন্ধিয়া প্ৰায় ৬ বজাৰ পিছত আৰম্ভ হ’ব স্থলপথত প্ৰৱেশৰ প্ৰক্ৰিয়া। তেওঁ কয় যে মাণ্ডৱী আৰু কৰাচীৰ মাজৰ জাখাউ বন্দৰৰ আশে-পাশে পশ্চিম দিশত লেণ্ডফল হ’ব। শুকুৰবাৰে পুৱালৈকে বতাহৰ গতিবেগ দুৰ্বল হৈ প্ৰায় ৭০ কিলোমিটাৰ হ’ব। তদুপৰি মহাপাত্ৰই কয় যে ‘বিপৰ্যয়’ উত্তৰ-পূব দিশে গতি কৰিছে। এতিয়া বতাহৰ গতি ঘণ্টাত ১২০ৰ পৰা ১৩০ কিলোমিটাৰৰ ভিতৰত। তেওঁ কয় যে স্থলভাগত প্ৰৱেশৰ সময়ত বতাহৰ গতিবেগ ঘণ্টাত ১১৫ৰ পৰা ১৩৫ কিলোমিটাৰ হ’ব। মহাপাত্ৰই জনোৱা মতে, বৃহস্পতিবাৰে সন্ধিয়া গুজৰাট সীমান্তত ‘বিপৰ্যয়’ ঘূৰ্ণি বতাহৰ প্ৰৱেশ ঘটিব। ১৬ জুনৰ পুৱালৈকে বতাহৰ গতিবেগ ঘণ্টাত ৬০ৰ পৰা ৭০ কিলোমিটাৰ হ’ব পাৰে। ঘূৰ্ণি বতাহ ‘বিপৰ্যয়’ৰ ফলত ব্যাপক ক্ষতি হোৱাৰ সম্ভাৱনা দেখা গৈছে। মৃত্যুঞ্জয় মহাপাত্ৰই ৰাইজক সকীয়াই দি কয় যে ‘বিপৰ্যয়’ৰ প্ৰভাৱ পৰিব পৰা অঞ্চলসমূহত যাতে কোনেও ঘূৰি নুফুৰে। ১৬ জুনৰ পুৱালৈকে কোনেও যাতে সাগৰৰ ফালে নাযায়। পোৰবন্দৰ, জুনাগড়, জামনগৰৰ আটাইতকৈ বেছি ক্ষতি হ’ব বুলি তেওঁ কয়। তদুপৰি তেওঁ কয় যে এই ঘূৰ্ণি বতাহৰ দিল্লীত কোনো প্ৰত্যক্ষ প্ৰভাৱ নপৰে। একে সময়তে ইয়াৰ বাবে ৰাজস্থানত হ’ব ধাৰাসাৰ বৰষুণ। বতৰ বিজ্ঞান বিভাগে কয় যে এই ঘূৰ্ণি বতাহ ‘বিপৰ্যয়’ উত্তৰ-পূৰ্বাঞ্চলৰ দিশে আগবাঢ়িছে। ইয়াৰ সমান্তৰালকৈ ধাৰাসাৰ বৰষুণৰ বাবে কুচ্চৰ অঞ্চলসমূহত যথেষ্ট ক্ষতি হোৱাৰ সম্ভাৱনা আছে। শুকুৰবাৰে পুৱাৰ পৰা বতাহৰ গতি লেহেমীয়া হ’ব। বিভাগটোৱে জনোৱা মতে, কুচ্চ উপসাগৰৰ লগত সংলগ্ন আটাইকেইখন জিলাতে এই ঘূৰ্ণি বতাহৰ সৰ্বাধিক প্ৰভাৱ পৰিব। ইয়াৰ ভিতৰত পোৰবন্দৰ, জামনগৰ, ৰাজকোট আৰু দেৱভূমি দ্বাৰকা ইত্যাদি আছে।

You might also like