আইনত পৰিণত নাৰী শক্তি বন্দন বিধেয়ক
🔹 ৰাষ্ট্রপতি মুর্মুৰ স্বাক্ষৰ
🔹 লোকসভা–বিধানসভাত মহিলাৰ বাবে ৩৩ শতাংশ আসন হ’ব সংৰক্ষিত
বিশেষ বাৰ্তা, ৩০ ছেপ্টেম্বৰ : ঐতিহাসিক মহিলা সংৰক্ষণ বিধেয়ক ২০২৩ত মোহৰ মাৰিলে ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে৷ বহুচর্চিত মহিলা সংৰক্ষণ বিধেয়ক তথা নাৰীশক্তি বন্দন অধিনিয়মত ৰাষ্ট্রপতিৰ স্বাক্ষৰৰ লগে লগে আইনত পৰিণত হয়৷ নাৰীশক্তি বন্দন অধিনিয়ম অনুসৰি লোকসভা আৰু ৰাজ্যৰ বিধানসভা নির্বাচনত মহিলাৰ বাবে ৩৩ শতাংশ আসন সংৰক্ষণ নিশ্চিত হ’ল৷ বৃহস্পতিবাৰে পুৱা উপ–ৰাষ্ট্রপতি তথা ৰাজ্যসভাৰ সভাপতি জগদীপ ধনখড়ে ঐতিহাসিক বিলখনত স্বাক্ষৰ কৰাৰ পিছতেই ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৰ অনুমোদনৰ বাবে প্রেৰণ কৰে৷ লোকসভা আৰু ৰাজ্যসভাত গৃহীত হোৱা এই বিধেয়কখন স্বাক্ষৰ কৰি উপ–ৰাষ্ট্রপতি ধনখড়ে ৰাষ্ট্রপতিলৈ প্রেৰণ কৰাৰ পিছত ৰাষ্ট্রপতি মুর্মুৱে ঐতিহাসিক মহিলা সংৰক্ষণ বিধেয়কখনত স্বাক্ষৰ কৰে৷ আইন মন্ত্রালয়ে প্রকাশ কৰা অধিসূচনা অনুসৰি ৰাষ্ট্রপতি দ্রৌপদী মুর্মুৱে ঐতিহাসিক মহিলা সংৰক্ষণ বিধেয়কখনত স্বাক্ষৰ কৰে আৰু লগে লগে ই আইনত পৰিণত হয়৷ মহিলা সংৰক্ষণ বিধেয়কখন আইনত পৰিণত হোৱাৰ পিছত আনুষ্ঠানিকভাৱে সংবিধান (১২৬সংখ্যক সংশোধনী) আইন হিচাপে জনা যাব৷ ৰাষ্ট্রপতিৰ অনুমোদনৰ পিছত আইনত পৰিণত হোৱা এই আইনৰ বলৱৎ সন্দর্ভত কেন্দ্রীয় চৰকাৰে নির্ধাৰিত তাৰিখ ঘোষণাৰে বলৱৎ কৰিব পাৰিব৷ উল্লেখ্য যে যোৱা ১৮ ছেপ্টেম্বৰৰ পৰা ২২ ছেপ্টেম্বৰলৈ অনুষ্ঠিত হোৱা সংসদৰ বিশেষ অধিৱেশনত মহিলা সংৰক্ষণ বিধেয়ক ২০২৩ প্রথমতে লোকসভাত বিতর্কৰ অন্তত ৪৫৪–২ ভোটৰ ব্যৱধানত গৃহীত হোৱাৰ পিছত ৰাজ্যসভাত ২১৫–০ ভোটৰ ব্যৱধানত গৃহীত হয়৷ তাৎপর্যপূর্ণ যে লোকসভাত এই বিধেয়কখনৰ বিৰোধিতা কৰি ভোটদান কৰে এআইএমআইএমৰ মুৰব্বী আছাদুদ্দিন ওৱেইছি আৰু তেওঁৰ দলৰ এজন সাংসদে৷