বিশ্ব বেংকে হস্তক্ষেপ নকৰে ভাৰতৰ সিদ্ধান্তত
🔹 পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ কূটনৈতিক জয়
নিউজ ডেস্ক, ১০ মে’ : সিন্ধু জল চুক্তি বাতিল৷ পাকিস্তানৰ বিৰুদ্ধে ভাৰতৰ বৃহৎ কূটনৈতিক জয়৷ সিন্ধু জল চুক্তি সম্পন্ন কৰাত উদ্যোগ লোৱা বিশ্ব বেংকৰ অধ্যক্ষ অজয় বাংগাই ভাৰতে বাতিল কৰা সিন্ধু জল চুক্তিৰ সিদ্ধান্তত হস্তক্ষেপ নকৰে বুলি ঘোষণা কৰে৷ বিশ্ব বেংকৰ অধ্যক্ষ বাংগাৰ এই সিদ্ধান্ত পাকিস্তানৰ ওপৰত মোক্ষম আঘাত৷ উল্লেখ্য যে যোৱা ২২ মে’ত জম্মু–কাশ্মীৰৰ মিনি ছুইজাৰলেণ্ড খ্যাত পেহেলগামত পাক সন্ত্রাসবাদীয়ে ২৫ পর্যটকসহ ২৬ নিৰীহক বর্বৰতাৰে হত্যা কৰাৰ পাছতেই ভাৰতে চিৰবৈৰী পাকিস্তানৰ বিৰুদ্ধে কেইবাটাও কঠোৰ কূটনৈতিক সিদ্ধান্ত গ্রহণ কৰে৷ ইয়াৰ ভিতৰত সিন্ধু জল চুক্তি বাতিলো আছে৷ ভাৰত আৰু পাকিস্তানৰ মাজত সিন্ধু জল চুক্তি সম্পন্ন হৈছিল বিশ্ব বেংকৰ উদ্যোগত৷ ইয়াৰ পৰিপ্রেক্ষিততেই ভাৰতে একপক্ষীয়ভাৱে সিন্ধু জল চুক্তি বাতিল কৰাৰ বাবে ক্ষুণ্ণ পাকিস্তানে ভাৰতৰ বিৰুদ্ধে বিষোদগাৰ প্রকাশ কৰে৷ আনকি এই সন্দর্ভত বিশ্ব বেংককো অভিযোগ উত্থাপন কৰে৷ ২৩ এপ্রিলত ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰিছে৷ চুক্তি বাতিল কৰাৰ পাছত বিশ্ব বেংকৰ অধ্যক্ষ অজয় বাংগাই ভাৰতৰ প্রধানমন্ত্রীৰ সৈতে আলোচনাত মিলিত হয়৷ এই আলোচনাৰ পাছত বিশ্ব বেংকৰ অধ্যক্ষ বাংগাই সিন্ধু জল চুক্তি ভাৰতে বাতিল কৰা সন্দর্ভত মন্তব্য প্রকাশ কৰিছে৷ বিশ্ব বেংকৰ অধ্যক্ষ বাংগাই কয় যে ভাৰতে সিন্ধু জল চুক্তি বাতিল কৰা সন্দর্ভত মধ্যস্থতাকাৰী হিচাপে তেওঁলোকৰ কোনো ভূমিকা নাই৷ অর্থাৎ তেওঁলোকে এইক্ষেত্রত হস্তক্ষেপ নকৰে৷ মিডিয়াত বিশ্ব বেংকে কিধৰণৰ ভূমিকা গ্রহণ কৰে, তাক লৈ ব্যাপক চর্চা হৈছে৷ বিশ্ব বেংকে এই বিষয়টো সমাধান কৰিব৷ কিন্তু বিশ্ব বেংকে এইক্ষেত্রত কোনো ভূমিকা নলয়৷ উল্লেখ্য যে ১৯৬০ চনত ভাৰত আৰু পাকিস্তানৰ মাজত বিশ্ব বেংকৰ উদ্যোগত সিন্ধু নদী আৰু ইয়াৰ উপ–নদীক লৈ সিন্ধু জল চুক্তি স্বাক্ষৰিত হৈছিল৷