নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ভাৰতীয় মূলৰ অজয় ​​বাংগা বিশ্ব বেংকৰ সভাপতি

বিশেষ বাৰ্তা, ২ জুনঃ ভাৰতীয় মূলৰ আমেৰিকান নাগৰিক অজয় ​​বাংগাই আজি ৫ বছৰৰ বাবে বিশ্ব বেংকৰ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰিব। অৱশ্যে ৩ মে’ত বিশ্ব বেংকৰ কাৰ্যবাহী সঞ্চালকসকলে বাংগাক নিযুক্তি দিয়াৰ কথা ঘোষণা কৰিছিল। ইয়াৰ পূৰ্বে অজয় ​​বংগাই মাষ্টাৰকাৰ্ডৰ চিইঅ’ পদত অধিষ্ঠিত হৈছিল। এই পদৰ বাবে তেওঁক মনোনীত কৰিছিল আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনে। বিশ্ব বেংকৰ সভাপতি হিচাপে অজয় ​​বাংগাৰ কাৰ্যকাল ৫ বছৰৰ হ’ব। আৰ্থিক আৰু উন্নয়নমূলক কাম চম্ভালাৰ ক্ষেত্ৰত তেওঁৰ ভাল অভিজ্ঞতা আছে। বিশ্ব বেংকে বিবৃতিত কয় যে বেংকটোৱে বাংগাৰ সৈতে কাম কৰি উৎফুল্লিত আৰু উন্নয়নশীল দেশসমূহৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰি সকলোৰে আশা পূৰণ কৰিবলৈ চেষ্টা কৰিব।

     উল্লেখ্য যে ভাৰতীয় মূলৰ প্ৰথমজন বিশ্ব বেংকৰ সভাপতি বাংগা। আন্তঃৰাষ্ট্ৰীয় মুদ্ৰানিধিতো গুৰুত্বপূৰ্ণ পদবীত অধিষ্ঠিত হৈ আহিছে। ২০১০ চনৰ পৰা ২০২১ চনৰ ভিতৰত তেওঁ মাষ্টাৰকাৰ্ডৰ চিইঅ’ হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁৰ সম্পূৰ্ণ নাম অজয়পাল সিং বাংগা আৰু তেওঁৰ জন্ম হৈছিল ১৯৫৯ চনৰ ১০ নৱেম্বৰত ভাৰতৰ মহাৰাষ্ট্ৰৰ পুনেত। তেওঁৰ পিতৃ ভাৰতীয় সেনা বাহিনীত লেফটেনেণ্ট জেনেৰেল পদবীত আছিল। তেওঁৰ পৰিয়ালটো মূলতঃ পঞ্জাবৰ জলন্ধৰৰ। দিল্লীৰ ষ্টিফেন্স কলেজৰ পৰা অৰ্থনীতি বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছে। ইয়াৰ পিছত তেওঁ আই আই এম আহমেদাবাদৰ পৰা এম বি এ কৰে। ১৯৮০ চনত তেওঁ বিশ্বৰ সৰ্ববৃহৎ কোম্পানী নেচলে ইণ্ডিয়াৰ সৈতে নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ২০০৭ চনত তেওঁ আমেৰিকাৰ নাগৰিকত্বও লাভ কৰে। বিত্তীয় খণ্ডত আগবঢ়োৱা অৱদানৰ বাবে ২০১৬ চনত ভাৰত চৰকাৰে পদ্মশ্ৰী বঁটা প্ৰদান কৰে।

You might also like