নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

‘পাকিস্তান-ত কোনো সন্ত্রাসবাদী শিবিৰেই নাই’ !

🔹 নিউজ চেনেলৰ এংকৰে অস্বস্তিত পেলালে আতাউল্লাক

নিউজ ডেস্ক, ৮ মে’ : পৰহি মাজনিশা পাকিস্তান-ত থকা সন্ত্রাসবাদীৰ ঘাটিত আক্রমণ চলায় ভাৰতে৷ সমগ্র পৃথিৱীৰ নজৰত এয়া ‘অপাৰেচন সিন্দূৰ’৷ এই পৰিস্থিতিত আজব মন্তব্য শুনা গ’ল পাকিস্তানী এগৰাকী মন্ত্রীৰ মুখত৷ মন্ত্রীগৰাকীয়ে দাবী কৰে যে পাকিস্তানত কোনো সন্ত্রাসবাদী শিবিৰেই নাই! অৱশ্যে নিউজ চেনেলৰ এংকৰে মন্ত্রীগৰাকীক এনে মন্তব্য কৰাৰ পৰা বিৰত থাকিবলৈ দিলে৷ নিউজ চেলেনৰ সাংবাদিকৰ যুক্তিত অস্বস্তিত পৰিবলগীয়া হ’ল পাক মন্ত্রীগৰাকী৷ ব্রিটেইনৰ এক নিউজ চেনেলৰ এটা অনুষ্ঠানত পাকিস্তানৰ তথ্য আৰু সম্প্রচাৰ মন্ত্রী আতাউল্লা তাৰাৰে দাবী কৰে যে ভাৰতে সাধাৰণ পাকিস্তানী নাগৰিকসকলক আক্রমণৰ লক্ষ্য হিচাপে বাছি লৈছে৷ তেতিয়াই চেনেলটোৰ এংকৰ য়ালডা হাকিমে উল্লেখ কৰে যে ভাৰতীয় সেনাই কেৱল সন্ত্রাসবাদী শিবিৰতহে আক্রমণ কৰিছে, পাকিস্তানী সেনাৰ শিবিৰত আক্রমণ কৰা নাই৷ মন্ত্রী তাৰাৰে কয় যে পাকিস্তানে সন্ত্রাসবাদৰ বিৰুদ্ধে যুঁজ দি আছে৷ আনকি ৯০ হাজাৰ লোকে প্রাণ হেৰুৱাইছে সন্ত্রাসবাদীৰ হাতত৷ ইয়াৰ পিছতে য়ালডা হাকিমে কয় যে মাত্র কেইদিনমান পূর্বে পাক প্রতিৰক্ষা মন্ত্রী খাৱাজা আছিফে সন্ত্রাসবাদক আর্থিক সহায় আগবঢ়োৱা বুলি একেটা চেনেলতে স্বীকাৰ কৰিছিল৷ ইয়াৰ পিছতে আতাউল্লা মৌন হৈ পৰে৷

You might also like