নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেৰালাত ‘নিপা’ ভাইৰাছত আক্রান্তৰ সংখ্যা বৃদ্ধিক লৈ আতংক

বিশেষ বাৰ্তা, ১৪ ছেপ্টেম্বৰ : কেৰালাত ‘নিপা’ ভাইৰাছৰ সংক্রমণ বৃদ্ধি পাইছে৷ দক্ষিণৰ ৰাজ্যখনৰ স্বাস্থ্যমন্ত্রী বীণা জর্জে উল্লেখ কৰা অনুসৰি নতুনকৈ এজনৰ শৰীৰত ‘নিপা’ৰ সংক্রমণ ধৰা পৰিছে৷ ৰাজ্যখনৰ কোঝিকোড়ত এই লোকগৰাকী ‘নিপা’ ভাইৰাছত আক্রান্ত হৈছে৷ বর্তমান ‘নিপা’ ভাইৰাছত আক্রান্ত হৈ চিকিৎসাধীন অৱস্থাত আছে পাঁচগৰাকী লোক৷ এই পাঁচগৰাকী লোকৰ সংস্পর্শলৈ অহা ৭০৬গৰাকী লোকৰ ওপৰত নিৰীক্ষণ চলোৱা হৈছে৷ ইয়াৰ ভিতৰত ১৫৩গৰাকী স্বাস্থ্যকর্মীও আছে৷ সংস্পর্শলৈ অহা লোকসকলৰ ভিতৰত ৭৭জন হাই ৰিস্ক কেটেগৰীত থকা বুলি প্রকাশ কৰিছে প্রশাসনে৷ উল্লেখনীয় যে ইতিমধ্যে ‘নিপা’ত আক্রান্ত হৈ ৰাজ্যখনত দুজনৰ মৃত্যু হৈছে৷

You might also like