নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আকৌ নৰমেধ সংঘটিত হ’ব ইজৰাইলত

🔹 গাজাত তুমুল যুদ্ধ চলি থকাৰ মাজতে হামাছ নেতা ঘাজি হামাদৰ হুংকাৰ

বিশেষ বাৰ্তা, ৩ নৱেম্বৰ : ৭ অক্টোবৰৰ নৰমেধৰ পুনৰাবৃত্তি ঘটিব। ইজৰাইলক সম্পূর্ণৰূপে ধ্বংস কৰি দিয়াৰ হুংকাৰ দিলে পেলেষ্টাইনী সন্ত্রাসবাদী সংগঠন হামাছে৷ যোৱা ৭ অক্টোবৰত ইজৰাইলৰ ওপৰত হামাছে চলোৱা আক্রমণৰ পাছতে গাজাত নির্বিচাৰ বোমাবর্ষণ চলাই আহিছে ইজৰাইলী সেনাই৷ ধ্বংসস্তূপত পৰিণত হৈছে গাজাৰ বিস্তীর্ণ অঞ্চল৷ ইজৰাইলী সেনাৰ বোমাবর্ষণত প্রতিদিনে শ শ লোক নিহত হৈছে গাজা ভূখণ্ডত৷ ইজৰাইলী বাহিনীক প্রত্যাক্রমণো কৰিছে হামাছে৷ এইবাৰ ইহুদী দেশ ইজৰাইল সম্পূর্ণৰূপে ধ্বংস কৰি দিব সন্ত্রাসবাদী সংগঠনটোৱে৷ লেবাননত সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত হামাছৰ ৰাজনৈতিক শাখাৰ এগৰাকী বিষয়ববীয়া ঘাজি হামাদে হুংকাৰ দি কৈছে যে ‘আল–আক্সা ফ্লাড’ মাত্র এবাৰেই যে সংঘটিত হৈছে, তেনে নহয়৷ দ্বিতীয়, তৃতীয়, চতুর্থবাৰো ইজৰাইলৰ বিৰুদ্ধে এই নৰমেধ সংঘটিত হ’ব৷ হামাছ এইক্ষেত্রত প্রতিজ্ঞাবদ্ধ বুলিও উল্লেখ কৰে নেতাগৰাকীয়ে৷ সাক্ষাৎকাৰটোত ঘাজি হামাদে কয়– এই যুদ্ধত আমাৰ যিসকল শ্বহীদ হৈছে, তেওঁলোকৰ বলিদান আমাৰ বাবে গর্বৰ বিষয়৷ আমাৰ দেশত ইজৰাইলৰ কোনো স্থান নাই৷ আমি এই দেশখনৰ অস্তিত্ব মচি পেলাব লাগিব৷ কাৰণ ইজৰাইল আৰব আৰু ইছলাম জাতিৰ বাবে বৃহৎ প্রত্যাহ্বান৷ ৭ অক্টোবৰত হামাছৰ আক্রমণ ন্যায্য আছিল৷ এই আক্রমণ বাৰে বাৰে কৰা হ’ব৷ সমস্ত অশান্তিৰ কাৰণ হৈ পৰিছে ইজৰাইলৰ অস্তিত্ব৷

You might also like