নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বাথৰুমত ৰাখিছিল দেশৰ গোপনীয় পাৰমাণৱিক ফাইল

📌 আমেৰিকা যুক্তৰাষ্ট্রৰ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ

বিশেষ বাৰ্তা, ১১ জুনঃ ৰাষ্ট্রপতি নির্বাচিত হোৱাৰ পূর্বে যৌন কেলেংকাৰি আৰু আমেৰিকাৰ ৰাষ্ট্রপতি হিচাপে দায়িত্ব গ্রহণৰ সময়ত ড’নাল্ড ট্রাম্পে দেশৰ পাৰমাণৱিক গোপনীয় ফাইলকে ধৰি অনেক তথ্যৰ ভুল ব্যৱস্থাপনা কৰাৰ গুৰুতৰ অভিযোগ উত্থাপিত হৈছে ৷ প্রাক্তন ৰাষ্ট্রপতি ড’নাল্ড ট্রাম্পৰ বিৰুদ্ধে আমেৰিকা যুক্তৰাষ্ট্রৰ গোপনীয় পাৰমাণৱিক আৰু সামৰিক পৰিকল্পনাৰ ফাইলকে ধৰি শতাধিক গোপনীয় তথ্যৰ ভুল ব্যৱস্থাপনাৰ গুৰুতৰ অভিযোগত অভিযুক্ত কৰা হৈছে৷ ৰাষ্ট্রপতি হৈ থকা অৱস্থাত ট্রাম্পে দেশখনৰ অতি গোপনীয় পাৰমাণৱিক ফাইলকে ধৰি সামৰিক পৰিকল্পনাৰ ফাইল বাথৰুমত ৰাখিছিল ৷ আনকি কিছুসংখ্যক গোপনীয় ফাইল তেওঁৰ ফ্লৰিডা ইষ্টেটৰ বলৰুম আৰু ছাৱাৰতো ৰাখিছিল ৷ অনুসন্ধানকাৰী দলৰ আগত প্রাক্তন ৰাষ্ট্রপতি ট্রাম্পে এই সন্দর্ভত মিছা মাতিছিল বুলিও প্রমাণিত হৈছে৷ কিয়নো, অনুসন্ধানকাৰীৰ অভিযানত প্রাক্তন ৰাষ্ট্রপতিগৰাকীৰ ফ্লৰিডা ইষ্টেটত বলৰুম, ছাৱাৰৰ লগতে বাথৰুমত দেশখনৰ পাৰমাণৱিক তথ্যসহ অনেক গোপনীয় ফাইল ৰখাটো নিশ্চিত হৈছে ৷ এই সন্দর্ভত প্রাক্তন ৰাষ্ট্রপতিগৰাকীয়ে আদালতৰ সন্মুখত হাজিৰ হৈ শুনানিৰ সন্মুখীন হ’ব লাগিব৷ দোষী সাব্যস্ত হ’লে ২০২৪ চনত ট্রাম্পে ৰাষ্ট্রপতি নির্বাচনত অৱতীর্ণ হোৱাৰ সুযোগ হেৰুৱাব৷

You might also like