নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মুম্বাইত চোৰে কাটি নিলে আদানীৰ ৬ হাজাৰ কেজি ওজনৰ লোহাৰ দলং

বিশেষ বাৰ্তা, ১০ জুলাই : বিভিন্ন সময়ত বিহাৰত ম’বাইল ফোনৰ টাৱাৰ, ৰে’লগাড়ীৰ দবা বা ৰে’ললাইন চুৰি হোৱাৰ ঘটনা পোহৰলৈ আহিছে ৷ নিশাৰ ভিতৰতে ম’বাইল টাৱাৰ চুৰি কৰি লৈ যোৱা ঘটনাক লৈ বিভিন্ন সময়ত দেশত সৃষ্টি হৈছে চাঞ্চল্য ৷ এইবাৰ চোৰে মুম্বাইৰ পৰা চুৰি কৰি নিলে ৬ হাজাৰ কিলোগ্রাম ওজনৰ এখন লোহাৰ দলং ৷ মুম্বাইৰ মালাদত সংঘটিত হৈছে চাঞ্চল্যকৰ এই চুৰিকাণ্ড ৷ ইতিমধ্যে এই চুৰিৰ ঘটনাত জড়িত থকাৰ অভিযোগত চাৰিজনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে ৷ ৯০ ফুট দৈর্ঘ্যৰ এই লোহাৰ দলংখন আছিল আদানী ইলেক্ট্রিচিটী নামৰ সংস্থাটোৰ ৷ ধনকুবেৰ আদানীৰ মালাদৰ পশ্চিম প্রান্তত থকা এই দলংখন বহুওৱা হৈছিল এটা নর্দমাৰ ওপৰত ৷ বৃহৎ বৈদ্যুতিক কেব্লবোৰ দলংখনেৰে কঢ়িয়াই নিয়া হৈছিল ৷ আৰক্ষী সূত্রই সদৰী কৰা অনুসৰি, এখন স্থায়ী দলং নির্মাণ হোৱাৰ পিছত অস্থায়ী এই লোহাৰ দলংখন এটা স্থানৰ পৰা অন্য এটা স্থানলৈ নি বৈদ্যুতিক কেব্ল পৰিবহণৰ ক্ষেত্রত ইয়াক ব্যৱহাৰ কৰা হৈছিল ৷ যোৱা ২৬ জুনত দলংখন চুৰি হোৱা বুলি নিশ্চিত কৰে আদানী ইলেক্ট্রিচিটীয়ে ৷ ২ লাখটকীয়া এই দলংখন চুৰি হোৱা বুলি লগে লগে আৰক্ষীক অভিযোগো দিয়া হয় ৷ সংবাদ সংস্থা পিটিআইৰ সূত্রই সদৰী কৰা অনুসৰি, সমীপৱর্তী অঞ্চলত থকা চিচি টিভি কেমেৰাৰ ফুটেজবোৰ পৰীক্ষা কৰি ১১ জুনত গেছ কাটাৰ মেচিন লৈ অহা এখন গধুৰ বাহন ঘটনাস্থলীত উপস্থিত হৈছিল বুলি নিশ্চিত কৰে আৰক্ষীয়ে ৷ এই গেছ কাটাৰ মেচিনেৰে দলংখনৰ লোহা কাটি গাড়ীত বোজাই কৰি চোৰে লৈ যায় ৷ দলংখনত ব্যৱহাৰ হোৱা ৬ হাজাৰ কেজি লোহা তথা তীখা চুৰিৰ ক্ষেত্রত কোম্পানীটোৰ এগৰাকী কর্মচাৰীয়ে সহযোগ কৰিছিল বুলি আৰক্ষীয়ে সংবাদ মাধ্যমক জনাইছে ৷ কোম্পানীটোৰ কর্মচাৰীগৰাকীৰ লগতে অন্য তিনি চোৰক আৰক্ষীয়ে যোৱা সপ্তাহত গ্রেপ্তাৰ কৰে ৷ আৰক্ষী উপায়ুক্ত বিজয় কুমাৰ বানছালে উল্লেখ কৰা অনুসৰি, চুৰি হোৱা লোহা আৰু তীখা ইতিমধ্যে উদ্ধাৰ কৰা হৈছে ৷ ইফালে, এই লোহাৰ দলং চুৰিৰ ঘটনাক লৈ সৃষ্টি হৈছে দেশজুৰি চাঞ্চল্য ৷ ৯০ ফুট দৈর্ঘ্য আৰু আঢ়ৈ ফুট বহল লোহাৰ দলং এখন ব্যস্ততাপূর্ণ অঞ্চলৰ পৰা গেছ কাটাৰেৰে কাটি লৈ যোৱা ঘটনাক লৈ মুম্বাই আৰক্ষীৰো চকু কপালত উঠিছে ৷ চোৰৰ বুদ্ধি আৰু সাহসক লৈ হতবাক হৈছে একাংশ লোক ৷

You might also like