নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চন্দ্রভাগা নদী-ত বান্ধ নির্মাণ কৰিব ভাৰত চৰকাৰে, বিশ্ব বেংকৰ পৰা ৩,১১৯ কোটি ঋণ

মোদী চৰকাৰে চন্দ্রভাগা নদীত বান্ধ নির্মাণৰ পৰিকল্পনা কৰি বিশ্ব বেংকৰ পৰা ৩,১১৯ কোটি টকা ঋণ ল’ব

চন্দ্রভাগা নদী-ত বান্ধ : সিন্ধু জলচুক্তি স্থগিতকৰণৰ পাছত পাকিস্তানক জল সন্দর্ভত পুনৰ এশিকনি দিয়াৰ পৰিকল্পনা ভাৰতৰ৷ জম্মু–কাশ্মীৰৰ কিছতৱাৰ জিলাৰ চন্দ্রভাগা নদীত এইবাৰ বান্ধ নির্মাণ কৰিব কেন্দ্রীয় চৰকাৰে৷

মোদী চৰকাৰে চন্দ্রভাগা নদীত বান্ধ নির্মাণৰ পৰিকল্পনা কৰি বিশ্ব বেংকৰ পৰা ৩,১১৯ কোটি টকা ঋণ ল’ব৷ অর্থাৎ বিশ্ব বেংকৰ ঋণেৰে বান্ধ নির্মাণ কৰি পাকিস্তানক শুকাই মৰাৰ পৰিকল্পনা ভাৰতৰ৷

এই নদীত বান্ধ নির্মাণ কৰি গ্রীনফিল্ড ষ্ট’ৰেজ আৰু জলবিদ্যুৎ প্রকল্প নির্মাণ কৰিব৷ এই প্রকল্পত ব্যয় হ’ব ৪,৫২৬ কোটি টকা৷ বান্ধটো নির্মাণ হৈ উঠিলে ৫৪০ মেগাৱাট বিদ্যুৎ উৎপন্ন হ’ব৷

সিন্ধু জলচুক্তি স্থগিতকৰণেৰে পাকিস্তানক এশিকনি দিয়া মোদী চৰকাৰে এইবাৰ চন্দ্রভাগা নদীত বান্ধ নির্মাণেৰে চিৰবৈৰী ৰাষ্ট্রখনক সংকটত পেলাব৷ উল্লেখ্য যে চন্দ্র আৰু ভাগা নামৰ নদীৰ মিলনেৰে চন্দ্রভাগা নদী৷ ইয়াক চেনাব বুলি জনা যায়৷ হিমাচল প্রদেশৰ পৰা পাহাৰেৰে জম্মু–কাশ্মীৰলৈ বৈ গৈ পাকিস্তানত প্রৱেশ কৰিছে৷ এই নদীত বান্ধ নির্মাণ হ’লে পাকিস্তানত প্রচণ্ড জলসংকট হোৱাটো নিশ্চিত৷

Niyomiya Barta Desk, 12 July, 2025

You might also like