ফৰাচী দ্বীপত ধুমুহাত সহস্রাধিকৰ মৃত্যুৰ আশংকা
🔹 ভাৰত মহাসাগৰীয় অঞ্চল মেয়ট্টেত ঘণ্টাত ১৪০ মাইল বেগেৰে তাণ্ডৱ সামুদ্রিক ধুমুহাৰ
🔹 ধুমুহাত সলনি হ’ল দ্বীপটোৰ মানচিত্রও !
নিউজ ডেস্ক, ১৭ ডিচেম্বৰ : ভাৰত মহাসাগৰস্থিত ফৰাচী দ্বীপ মেয়ট্টেত প্রলয়ংকৰী সামুদ্রিক ধুমুহাত সহস্রাধিক লোক মৃত্যুমুখত পৰা বুলি আশংকা কৰা হৈছে৷ ঘণ্টাত ১৪০ মাইল বেগেৰে অহা ধুমুহাই মুহূর্তৰ ভিতৰতে এই দ্বীপটোক তচনচ কৰি পেলায়৷ তাৎক্ষণিকভাৱে প্রাণ হেৰুওৱা লোকৰ সঠিক পৰিসংখ্যা প্রশাসনে প্রকাশ কৰিব পৰা নাই৷ কিন্তু প্রশাসনৰ সূত্রই সদৰী কৰা অনুসৰি, এই ভয়াৱহ প্রাকৃতিক দুর্যোগত সহস্রাধিক লোকৰ মৃত্যু হ’ব পাৰে৷ লক্ষণীয়ভাৱে কেইবাটাও বাহিনীয়ে উদ্ধাৰ অভিযান আৰম্ভ কৰে৷ ফ্রান্সৰ অধীনস্থ দুখীয়া অঞ্চলসমূহৰ ভিতৰত ভাৰত মহাসাগৰীয় এই দ্বীপটোও অন্যতম৷ এগৰাকী ছিনেটৰে সংবাদ মাধ্যমক জনোৱা অনুসৰি, ধুমুহাই মুহূর্তৰ ভিতৰতে হাজাৰ হাজাৰ বাসগৃহ ধ্বংস কৰিছে৷ বর্তমান বহু লোক তৃষ্ণা আৰু ক্ষুধাত মৃত্যুমুখত পৰিবলগীয়া হোৱা বুলিও ছিনেটৰগৰাকীয়ে সংবাদ সংস্থাক জনাইছে৷ স্মর্তব্য যে বিগত ৯০ বছৰৰ ভিতৰত ফৰাচী এই দ্বীপটোত এই ধুমুহাক আটাইতকৈ ঘাতক তথা বিধ্বংসী বুলি চিহ্ণিত কৰা হৈছে৷ মেয়ট্টেত মুঠ ৩ লাখ বাসিন্দা আছিল৷ শেহতীয়া এই ধুমুহাই দ্বীপটোৰ মানচিত্রও সলনি কৰি পেলোৱা বুলি ছিনেটৰগৰাকীয়ে দাবী কৰিছে৷ লক্ষণীয়ভাৱে এই অঞ্চলটোৰ বাসিন্দাসকলে মূলতঃ টিনপাত আৰু বাঁহৰ বাসগৃহ সাজি লয়৷ এনে ঘৰবোৰ মুহূর্তৰ ভিতৰতে ধুমুহাত বিধ্বস্ত হৈছে৷ ইফালে, ধুমুহাৰ ফলত আহত লোকৰ সংখ্যাও কেইবাহাজাৰো বুলি দাবী কৰিছে স্থানীয় একাংশ লোকে৷ মেয়ট্টেৰ ৰাজধানী মামুদজুত একাংশ লোকে দাবী কৰা অনুসৰি ফৰাচী প্রশাসনে উদ্ধাৰ অভিযান যুদ্ধকালীন তৎপৰতাৰে চলাবলৈ সক্ষম হোৱা নাই৷ যিবোৰ বসতি অঞ্চল আছিল, সেই অঞ্চলসমূহ মাত্র এটা নিশাৰ ধুমুহাতে থানবান হৈ পৰিছে৷ লক্ষণীয়ভাৱে এই দ্বীপটোত আছে বহু প্রব্রজনকাৰী লোক৷ প্রশাসনৰ সূত্রই সদৰী কৰা অনুসৰি, নথি বহির্ভূতভাৱে দ্বীপটোত বাস কৰি আছিল লক্ষাধিক প্রব্রজনকাৰীয়ে৷ গতিকে, ধুমুহাই তাণ্ডৱ সৃষ্টি কৰি যোৱাৰ পিছতো মৃত্যু হোৱা লোকৰ প্রকৃত সংখ্যা প্রকাশ কৰাটো সম্ভৱ হোৱা নাই৷ লক্ষণীয়ভাৱে ধুমুহাৰ পিছতে আহত লোকসকলৰ আর্ত চিৎকাৰে সমগ্র মেয়ট্টেত অবর্ণনীয় পৰিস্থিতিৰ সৃষ্টি কৰা বুলি দাবী কৰিছে ছিনেটৰ চালামা ৰামিয়াই৷ ফৰাচী সংবাদ মাধ্যমকো ৰামিয়াই এয়া এক ভয়াৱহ বিপর্যয় বুলি জানিবলৈ দিছে৷