নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অশান্ত মণিপুৰত দুর্বৃত্তৰ গুলীত নিহত তিনি কুকি

🔹 কাংকোকপিত উত্তপ্ত পৰিস্থিতি

বিশেষ বাৰ্তা, ১২ ছেপ্টেম্বৰ : অশান্ত মণিপুৰত পুনৰ হিংসাৰ ঘটনা ৷ দুষ্কৃতিকাৰীৰ গুলীত প্রাণ হেৰুৱালে কুকি সম্প্রদায়ৰ তিনিগৰাকী লোকে৷ হাজাৰ হাজাৰ সেনা মোতায়েন কৰাৰ পিছতো মণিপুৰত হিংসাৰ জুই জ্বলি আছে৷ বিগত এটা সপ্তাহ পিছত পুনৰ প্রাণহানিৰ ঘটনা ঘটিল উত্তৰ–পূবৰ এই ৰাজ্যখনত ৷ আজি পুৱা ৮ বজাত কাংপোকপি জিলাৰ কাংগুই অঞ্চলত এই ঘটনা সংঘটিত হৈছে৷ আৰক্ষী সূত্রই জনোৱা অনুসৰি, গাড়ীৰে আহি আছিল তিনিজন কুকি সম্প্রদায়ৰ লোক৷ সেই সময়তে তেওঁলোকৰ ওপৰত দুর্বৃত্তই গুলীচালনা কৰে৷ এই অতর্কিত আক্রমণত ঘটনাস্থলীতে তিনিওগৰাকী লোক নিহত হয়৷ ইফালে, পৰিস্থিতি নিয়ন্ত্রণ কৰাৰ বাবে তাৎক্ষণিকভাৱে ব্যৱস্থা গ্রহণ কৰে আৰক্ষীয়ে৷ এই গুলীচালনাৰ ঘটনাত জড়িত দুর্বৃত্তক বিচাৰি ইতিমধ্যে অঞ্চলটোত তালাচী আৰম্ভ কৰিছে নিৰাপত্তা বাহিনীয়ে৷ তিনিওগৰাকী লোকৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্রেৰণ কৰা হৈছে ৷ স্মর্তব্য যে বিগত তিনি মাহতকৈ অধিক কাল ধৰি হিংসাৰ জুইত জ্বলি আছে মণিপুৰ৷

You might also like