নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কেদাৰনাথত বৰষুণৰ মাজতে পাহাৰৰ শিল খহি ৩ তীর্থযাত্রীৰ মৃত্যু

বিশেষ বাৰ্তা, ২১ জুলাই : উত্তৰাখণ্ডৰ কেদাৰনাথত শোকাৱহ দুর্ঘটনা৷ প্রবল বৰষুণত পাহাৰৰ পৰা শিল খহি পৰাত তিনিগৰাকী তীর্থযাত্রীৰ মৃত্যু হৈছে৷ আহত হৈছে অন্য দুগৰাকী৷ গৌৰী কুণ্ডৰ সমীপতে এই দুর্ঘটনা সংঘটিত হোৱা বুলি জানিব পৰা গৈছে৷ তাৎক্ষণিকভাৱে উদ্ধাৰকাৰী দলে ঘটনাস্থলীত উপস্থিত হৈ উদ্ধাৰ অভিযান আৰম্ভ কৰে৷ ৰাজ্যখনৰ মুখ্যমন্ত্রী পুস্কৰ সিং ধামীয়ে এই দুর্ঘটনাত গভীৰ শোক প্রকাশ কৰিছে৷ উদ্ধাৰকাৰী দলৰ সৈতে সঘনে যোগাযোগ কৰি থকা বুলিও মুখ্যমন্ত্রীগৰাকীয়ে সংবাদ মাধ্যমক জনাইছে৷ মুখ্যমন্ত্রী ধামীয়ে এক্স হেণ্ডেলত লিখিছে যে কেদাৰনাথৰ যাত্রা পথত পাহাৰৰ পৰা প্রকাণ্ড শিল খহি পৰা বাবে তীর্থযাত্রী তিনিগৰাকীৰ মৃত্যু হৈছে৷ এই খবৰ অতি দুখজনক বুলি উল্লেখ কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ দুর্ঘটনাত আহতসকলৰ দ্রুত আৰোগ্য কামনা কৰে ধামীয়ে৷ ইফালে, নিহত তীর্থযাত্রীসকলৰ পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰে মুখ্যমন্ত্রীগৰাকীয়ে৷ উত্তৰাখণ্ডত কেদাৰনাথ যাত্রাৰ সময়ত চলিত বর্ষত কেইবাটাও দুর্ঘটনা সংঘটিত হৈছে৷ এই দুর্ঘটনাত বহু তীর্থযাত্রীৰ মৃত্যু হৈছে৷

You might also like