নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

এটা চিঙৰাৰ দামত পাকিস্তান-বাংলাদেশ টেষ্ট ক্ৰিকেটৰ টিকট

🔹 ষ্টেডিয়ামলৈ দৰ্শক অনাৰ আপ্ৰাণ চেষ্টা পাকিস্তান ক্রিকেট ব’ৰ্ডৰ

নিউজ ডেস্ক, ১৬ আগষ্ট : ২১ আগষ্টৰ পৰা আৰম্ভ হ’ব পাকিস্তান–বাংলাদেশ টেষ্ট শৃংখলা৷ প্রথমখন টেষ্ট ৰাৱালপিণ্ডিত হ’ব৷ প্রথমখন টেষ্টৰ টিকটৰ দাম দেখি চকু কপালত উঠিছে অনুৰাগীৰ৷ একাংশৰ মতে গোটেহ দিনটো খেল এখন চোৱাৰ টিকট চিঙৰাতকৈও কম মূল্যত উপভোগ কৰিব পাৰিব৷ সোমবাৰে প্রথমখন টেষ্টৰ টিকটৰ মূল্য ঘোষণা কৰিছে পিচিবিয়ে৷ টিকটৰ ন্যূনতম দাম ৫০ পাকিস্তানী টকা৷ ভাৰতীয় মুদ্রাত ইয়াৰ মূল্য ১৫ টকা৷ টিকটৰ সর্বাধিক মূল্য ডেৰ–দুই লাখ পাকিস্তানী টকা৷ পূর্বতে পাকিস্তান ব’র্ডে ষ্টেডিয়াম ভৰোৱাৰ বাবে লৰালৰি কৰিবলগীয়া হৈছিল৷ টেষ্ট বহু দূৰত, পাকিস্তান ছুপাৰ লীগতো ষ্টেডিয়াম খালী হৈ আছিল৷ টিকটৰ মূল্য বেছি হোৱা বাবে অনুৰাগী ষ্টেডিয়ামলৈ অহা নাছিল বুলি ব’ৰ্ডৰ বিষয়াসকলে অনুমান কৰিছিল৷ তাৰ বাবে টেষ্ট শৃংখলাটোৰ টিকটৰ মূল্য সকলোৰে বাবে কম কৰা হৈছে৷

You might also like