নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

ট্রাম্পৰে নৈশভোজৰ টিকটৰ মূল্য ৮.৬৫ কোটি টকা

🔹 কেপিটল ভৱনত আজি আমেৰিকাৰ ৰাষ্ট্রপতি পদত শপত

🔹 ২,২০,০০০ টিকট বিক্রী

নিউজ ডেস্ক, ২০ জানুৱাৰী : আমেৰিকাৰ ৰাষ্ট্রপতি পদত আজি শপত ল’ব ড’নাল্ড ট্রাম্পে৷ প্রচণ্ড শীতপ্রৱাহৰ বাবে পৰম্পৰা ভংগ কৰি মুকলি আকাশৰ তলৰ পৰিৱর্তে কেপিটল ভৱনৰ ভিতৰৰ অনুষ্ঠানত শপত ল’ব মার্কিন ৰাষ্ট্রপতিগৰাকীয়ে৷ শপতগ্রহণৰ পিছত এক নৈশভোজৰ আয়োজন কৰা হৈছে কেপিটল ভৱনত৷ এই নৈশভোজত অংশগ্রহণৰ টিকটৰ সর্বোচ্চ মূল্য ১০ লাখ ডলাৰ৷ অর্থাৎ ভাৰতীয় মুদ্রাৰ হিচাপত ৮ কোটি ৬৫ লাখ টকা৷ এই নৈশভোজত অংশগ্রহণৰ বাবে পাঁচধৰণৰ টিকটৰ ব্যৱস্থা কৰা হৈছে৷ সর্বোচ্চ ৮.৬৫ কোটি টকা৷ ইয়াৰ পিছতে আছে পাঁচ লাখ ডলাৰ (৪.৩২ কোটি টকা), আঢ়ৈ লাখ ডলাৰ (২.১৬ কোটি টকা), ১ লাখ ডলাৰ (৮৬.৫৭ লাখ টকা) আৰু ৫০,০০০ ডলাৰ (৪৩.২৮ লাখ টকা)৷ এই বহুমূলীয়া নৈশভোজৰ টিকট কিয়, তাক লৈ বিভিন্ন মহলত সৃষ্টি হৈছে কৌতূহল৷ মূল উদ্দেশ্য হৈছে অর্থ সংগ্রহ কৰা৷ ইয়াৰ জৰিয়তে যি ধন সংগ্রহ হ’ব, সেয়া নির্দিষ্ট পুঁজিত জমা কৰা হ’ব৷ উল্লেখনীয় যে শপতগ্রহণ অনুষ্ঠানত ৭০০গৰাকী লোক উপস্থিত থাকিব৷ কিন্তু শপতগ্রহণৰ নৈশভোজত যোগ দিয়াৰ বাবে ২,২০,০০০ টিকট বিক্রী হৈছে৷ প্রথম ৭০০গৰাকীয়ে ভিতৰত বহি অনুষ্ঠান চোৱাৰ সুযোগ লাভ কৰিব যদিও বাকীসকলৰ বাবে অন্য স্থানত বৃহৎ স্ক্রীনত অনুষ্ঠান সম্প্রচাৰ কৰা হ’ব৷ শপতগ্রহণ অন্ত পৰাৰ পিছত এই স্থানলৈও যাব ট্রাম্পে৷ লক্ষণীয়ভাৱে এই নৈশভোজৰ জৰিয়তে নাগৰিকসকলৰ পৰা ধন সংগ্রহ কৰি কল্যাণকামী আঁচনিৰ পুঁজিত জমা কৰাৰ সিদ্ধান্ত লৈছে ট্রাম্পে৷

You might also like