নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

কৰ্তব্যৰ সময় শেষ… মাজ ৰাস্তাত বিমান চলাবলৈ অনিচ্ছুক পাইলট

বিশেষ বাৰ্তা, ২৬ জুনঃ ৩৫০জন যাত্ৰী লৈ লণ্ডনৰ পৰা দিল্লীলৈ উৰা মাৰিছিল এয়াৰ ইণ্ডিয়াৰ এখন বিমান। বেয়া বতৰৰ বাবে বিমানখন দিল্লীৰ পৰিৱৰ্তে জয়পুৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰিবলগীয়া হয়। দিল্লী এ টি চিৰ পৰা ২ ঘণ্টা পিছত ক্লিয়াৰেন্স পোৱাৰ পিছত যাত্ৰীসকলক লৈ বিমানখন সাজু হয় যদিও পাইলটজনে জয়পুৰ বিমানবন্দৰৰ পৰা দিল্লীলৈ যাত্ৰীসকলক লৈ উৰা মাৰিবলৈ অস্বীকাৰ কৰে। কাৰণ হিচাপে তেওঁ জনায়- তেওঁৰ কৰ্তব্যৰ সময় শেষ। নিৰ্ধাৰিত সময়সীমাৰ পিছত কাম কৰিব কিয়? ইয়াৰ পৰিপ্ৰেক্ষিতত দেওবাৰে প্ৰায় পাঁচ ঘণ্টা ধৰি জয়পুৰ বিমানবন্দৰত আবদ্ধ হৈ পৰে এয়াৰ ইণ্ডিয়াৰ এ আই-১১২ বিমানখনৰ ৩৫০জন যাত্ৰী। সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, দেওবাৰে এয়াৰ ইণ্ডিয়াৰ বিমানখনে লণ্ডনৰ পৰা দিল্লীলৈ যাত্ৰা আৰম্ভ কৰে। পুৱা প্ৰায় ৪ বজাত দিল্লী বিমানবন্দৰত অৱতৰণ কৰাৰ কথা আছিল বিমানখন।

You might also like