পঞ্চায়ত নির্বাচনৰ পূর্বে পশ্চিমবংগত তৃণমূল–আইএছএফৰ সংঘর্ষত নিহত ২
বিশেষ বাৰ্তা, ১৫ জুনঃ পঞ্চায়ত নির্বাচনৰ মনোনয়ন-পত্র জমা দিয়াৰ সময়ত তৃণমূল কংগ্রেছ (টিএমচি) আৰু ইণ্ডিয়ান ছেকুলাৰ ফ্রণ্ট (আইএছএফ)ৰ মাজত বোমা আৰু গুলীৰ যুদ্ধত অশান্ত হৈ পৰিল ভাঙড় অঞ্চল ৷ গুলীবিদ্ধ হৈ মৃত্যু হ’ল এজন আইএছএফ কর্মী আৰু এজন তৃণমূল কর্মীৰ ৷ সংঘর্ষত অন্য এজন তৃণমূল কর্মী গুৰুতৰভাৱে আহত হৈছে ৷ সংঘর্ষস্থলীত পৰিস্থিতি নিয়ন্ত্রণ কৰিবলৈ অতিৰিক্ত আৰক্ষী মোতায়েন কৰা হৈছে ৷ ভাঙড়ৰ অশান্তিক লৈ আইএছএফকেই জগৰীয়া কৰিছে মুখ্যমন্ত্রী মমতা বেনার্জীয়ে ৷ স্মর্তব্য যে কালিৰে পৰা মনোনয়ন দাখিলক লৈ ৰণক্ষেত্রত পৰিণত হৈছে ভাঙড়ৰ বিজয়গঞ্জ বজাৰ ৷