এপ’লৰ পিছত ছেমছাঙক ভাবুকি ট্রাম্পৰ
🔹 এপ’লৰ পিছত ছেমছাঙক ভাবুকি ট্রাম্পৰ
🔹 উৎপাদন কৰিব নোৱাৰিব ভাৰতসহ অন্য দেশত
নিউজ ডেস্ক, ২৫ মে’ : দ্বিতীয়বাৰৰ বাবে আমেৰিকা যুক্তৰাষ্ট্রৰ ৰাষ্ট্রপতি পদত অধিষ্ঠিত হোৱা ড’নাল্ড ট্রাম্পৰ নীতি আৰু সিদ্ধান্তই বিশ্বৰ দেশসমূহক বিমোৰত পেলাইছে৷ পাৰস্পৰিক শুল্ক নীতি বৃদ্ধিৰে বিশ্বৰ দেশসমূহক অস্বস্তিত পেলাই পিছলৈ চীনক বাদে সকলো দেশক ৯০ দিনৰ বাবে নতুন শুল্ক ৰেহাই দিয়ে৷ পাছত চীনৰ সৈতেও বাণিজ্যিক যুদ্ধবিৰতিৰ অংশ হিচাপে পাৰস্পৰিক শুল্ক কর্তন কৰে৷ এপ’ল কোম্পানীক ভাৰতত আইফোন নির্মাণ বন্ধ কৰিবলৈ ভাবুকি দিয়া ড’নাল্ড ট্রাম্পে! এইবাৰ ছেমছাং আৰু আন কোম্পানীকো অতিৰিক্ত শুল্ক আৰোপৰ ভাবুকি দিছে৷ ভাৰতত সামগ্রী উৎপাদন কৰিলে ছেমছাঙৰ ওপৰতো অতিৰিক্ত কৰ আৰোপ কৰাৰ ভাবুকি ৰাষ্ট্রপতি ট্রাম্পৰ৷ হোৱাইট হাউছত সাংবাদিকৰ সৈতে হোৱা বার্তালাপত মার্কিন ৰাষ্ট্রপতি ট্রাম্পে কয় যে কেৱল এপ’লেই নহয়, ছেমছাংসহ আন কোম্পানীয়েও অন্য দেশত সামগ্রী উৎপাদন কৰিলে তাৰ ওপৰত অতিৰিক্ত কৰ আৰোপ কৰা হ’ব৷ এপ’লৰ প্রসংগ উল্লেখ কৰি ৰাষ্ট্রপতিগৰাকীয়ে কয় যে এপ’লৰ চিইঅ’ টীম কুকক ইতিপূর্বেই আমেৰিকাত আইফোন বিক্রী কৰিলে ইয়াতেই উৎপাদন কৰিব লাগিব বুলি অৱগত কৰোৱা হৈছে৷ অন্য দেশত কিম্বা ভাৰতত উৎপাদন কৰিলে আমেৰিকাক এই সামগ্রীৰ ওপৰত ২৫ শতাংশ শুল্ক দিব লাগিব৷ ট্রাম্পৰ এই ঘোষণাৰ পাছতেই এপ’লৰ শ্বেয়াৰ নিম্নগামী হয়৷ ছেমছাঙেও অন্য দেশত উৎপাদন কৰা সামগ্রী আমেৰিকাত বিক্রী কৰিলে ২৫ শতাংশ শুল্ক ভৰিব লাগিব৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ এই ঘোষণাই ছেমছাংসহ আন কোম্পানীক সংকটত পেলাইছে৷ মার্কিন ৰাষ্ট্রপতি ট্রাম্পৰ এই ঘোষণাই ছেমছাংসহ আন কোম্পানীক আমেৰিকাত সামগ্রী বিক্রী কৰাৰ ক্ষেত্রত নতুন কৰ আৰোপ কৰিলে কোম্পানীকেইটা ক্ষতিৰ সন্মুখীন হ’ব বুলিও বিশ্লেষকসকলে মত ব্যক্ত কৰে৷