আহমেদাবাদ ট্রেজেডী -ৰ আঁৰত তুৰস্কৰ হাত !
🔹 আহমেদাবাদ ট্রেজেডী -ৰ আঁৰত তুৰস্কৰ হাত !
🔹 বিমান দুর্ঘটনাৰ তদন্তৰ আওতাত গ্রাউণ্ড হেণ্ডলিং ষ্টাফ
🔹 সন্দেহৰ আৱর্তত তুৰস্কৰ কোম্পানী ‘চেলেবী’ৰ কর্মচাৰী
নিউজ ডেস্ক, ১৫ জুন : গুজৰাটৰ আহমেদাবাদত সংঘটিত এয়াৰ ইণ্ডিয়াৰ বিমান দুর্ঘটনাই শোকস্তব্ধ কৰি ৰাখিছে দেশক৷ ইতিমধ্যে এই ঘটনাৰ তদন্ত কৰিবলৈ উচ্চ পর্যায়ৰ এখন কমিটী গঠন কৰি দিছে কেন্দ্রীয় চৰকাৰে৷ ইয়াৰ মাজতে এই দুর্ঘটনাৰ কাৰণ সন্দর্ভত বিভিন্ন মহলত চলিছে আলোচনা৷ কেনেদৰে এয়াৰ ইণ্ডিয়াৰ এআই ১৭১ বিমানখন দুর্ঘটনাত পতিত হ’ল, তাক লৈ প্রশ্ণৰ অৱতাৰণা হৈছে বিভিন্ন মহলত৷ বিষয়টোক লৈ দেশজুৰি চর্চা চলি থকাৰ সময়তে এই বিমান দুর্ঘটনা যান্ত্রিক বিজুতিৰ বাবে সংঘটিত হৈছে নে এয়া এক কূটাঘাতী কাণ্ড, তাক লৈও বিভিন্নজনে প্রশ্ণ তুলিছে৷
যোগগুৰু ৰামদেৱে পেহেলগামৰ সন্ত্রাসবাদী আক্রমণৰ পিছত ভাৰতে চলোৱা অপাৰেচন সিন্দূৰৰ প্রতিশোধ ল’বলৈ পাকিস্তানৰ বন্ধু ৰাষ্ট্র তুৰস্কই এই ঘটনা সংঘটিত কৰিছে বুলি বিস্ফোৰক অভিযোগ তুলিছে৷ লক্ষণীয়ভাৱে ৰামদেৱৰ অভিযোগ সন্দর্ভত চৰকাৰে কোনোধৰণৰ মন্তব্য আগবঢ়োৱা নাই যদিও এই দুর্ঘটনাত বিমানবন্দৰৰ গ্রাউণ্ড হেণ্ডলিং ষ্টাফৰ কর্মীসকলৰ ভূমিকা থকা বুলি সন্দেহ কৰা হৈছে৷ লক্ষণীয়ভাৱে বিমানবন্দৰৰ গ্রাউণ্ড হেণ্ডলিং ষ্টাফত আছে তুৰস্কৰ কোম্পানী ‘চেলেবী’ৰ কর্মীসকলো৷ এই কর্মীসকলক ঠিকাত অনা হৈছে বিমানৰ মেৰামতি আৰু অভিযান্ত্রিক সেৱাৰ বাবে৷ লক্ষণীয়ভাৱে এই কর্মীসকলে এআই ১৭১ বিমানখনৰো বিভিন্ন যান্ত্রিক দিশ চোৱাচিতা কৰিছিল৷ বিশেষকৈ উৰণৰ পূর্বে বিমানখন যাত্রাৰ বাবে উপযুক্ত হয় নে নহয়, তাক পৰীক্ষা কৰি চোৱাৰ দায়িত্ব আছিল এই কর্মীসকলৰ৷ গতিকে এই ঘটনা সন্দর্ভত তদন্ত চলালে গুৰুত্বপূর্ণ তথ্য পোহৰলৈ আহিব বুলি ধাৰণ কাৰা হৈছে৷ ইতিমধ্যে এয়া এক কূটাঘাতী কাণ্ড হ’ব পাৰে বুলি তদন্তকাৰী সংস্থাসমূহৰ মাজতো বিষয়টোক লৈ সৃষ্টি হৈছে কৌতূহল৷
ইফালে, এই দুর্ঘটনাৰ পিছতে বিমানখনৰ উদ্ধাৰ হোৱা ব্লেকবক্সৰ তথ্যৰ ওপৰত পৰীক্ষা–নিৰীক্ষা আৰম্ভ কৰিছে বিশেষজ্ঞসকলে৷ ইতিমধ্যে বিমানখনৰ দুর্ঘটনাক লৈ এয়াৰক্রাফ্ট এক্সিডেণ্ট ইনভেষ্টিগেচন ব্যুৰ’ (এএআইবি)–এ তদন্ত আৰম্ভ কৰিছে৷ সংস্থাটোৰ তদন্তৰ আওতালৈ আহিব বিমানখনৰ সৈতে জড়িত সকলো কর্মী৷ গতিকে বিমানখন উৰণৰ পূর্বে পৰীক্ষা কৰাৰ ক্ষেত্রত যিসকল বিদেশী কর্মী জড়িত আছিল, সকলোকে তদন্তৰ আওতালৈ আনিব সংস্থাটোৱে৷ অকল এএআইবিয়েই নহয়, অসামৰিক উৰণ সঞ্চালকালয় (ডিজিচিএ), অসামৰিক উৰণ নিৰাপত্তা ব্যুৰ’ (বিচিএছ) আদিয়ে স্পষ্ট কৰি দিছে যে কেইবাটাও পর্যায়ত গ্রাউণ্ড হেণ্ডলিং ষ্টাফৰ কর্মীসকলক জেৰা কৰা হ’ব৷ বিশেষকৈ চেলেবীৰ কর্মীসকলক তদন্তৰ আওতালৈ অনাৰ সিদ্ধান্ত লৈছে ডিজিচিয়ে৷
স্মর্তব্য যে সাগৰপৃষ্ঠৰ পৰা মাত্ৰ কেইফুটমান উচ্চতালৈ গৈ বিমানখন ভাঙি পৰিছিল৷ এই বিমানখন এনেদৰে দুর্ঘটনাত পতিত হোৱাৰ মাত্র কেইছেকেণ্ডমান পূর্বে পাইলটে এটিচিলৈ সহায়ৰ বার্তা প্রেৰণ কৰিছিল৷ বিমানখনৰ যান্ত্রিক ব্যৱস্থা বিকল হোৱা বুলি এই বার্তাত উল্লেখ কৰা হৈছিল৷ পাইলটৰ এই বার্তাই বিমানখন যে উৰণৰ বাবে উপযুক্ত নাছিল, সেই কথা স্পষ্ট কৰি দিছে৷ গতিকে ইয়াতেই সন্দেহৰ আৱর্তলৈ আহে গ্রাউণ্ড হেণ্ডলিং ষ্টাফ৷ স্বাভাৱিকতে তুৰস্কৰ কর্মীসকলৰ প্রতি এইক্ষেত্রত বিভিন্ন মহলৰ সন্দেহৰ আঙুলি উঠিছে৷
লক্ষণীয় বিষয়টো হৈছে বিমান দুর্ঘটনাৰ পিছতে বিভিন্ন মহলে এয়াৰ ইণ্ডিয়াৰ এই বিমানখনৰ প্রয়োজনীয় পৰীক্ষা কৰা হোৱা নাছিল বুলি অভিযোগ আনিছে৷ গতিকে এই শিহৰণকাৰী দুর্ঘটনা কূটাঘাত হ’ব পাৰে বুলি আশংকা কৰা হৈছে৷
ইফালে, বৃহস্পতিবাৰে সংঘটিত এই শোকাৱহ দুর্ঘটনাত মৃতকৰ সংখ্যা বৃদ্ধি পাই আছে৷ এতিয়াও ধ্বংসস্তূপৰ তলত বহু মৃতদেহ পৰি থকা বুলি সন্দেহ কৰিছে প্রশাসনে৷ এই দুর্ঘটনাই হতচকিত কৰি তুলিছে উৰণ সংস্থা এয়াৰ ইণ্ডিয়াক৷ এনে ভয়ংকৰ দুর্ঘটনাৰ স্মৃতি ৰাখিব বিচৰা নাই দেশৰ উৰণ সংস্থাটোৱে৷ সেইবাবে এতিয়াৰে পৰা এয়াৰ ইণ্ডিয়াই কোনো বিমানত ১৭১ সংখ্যা ব্যৱহাৰ নকৰাৰ সিদ্ধান্ত লৈছে৷ ১৭১ সংখ্যাৰ পৰিৱর্তে এয়াৰ ইণ্ডিয়াৰ বিমানত ব্যৱহাৰ হ’ব ‘এআই ১৫৯’৷ অর্থাৎ এই অভিশপ্ত অধ্যায়ক এয়াৰ ইণ্ডিয়াই পাহৰি যোৱাৰ বাবে চেষ্টা চলাইছে৷