নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অস্তিত্বৰ সংকটত প্রশান্ত মহাসাগৰীয় দেশ টুভালু

📌 সমুদ্রৰ জোৱাৰে গ্রাস কৰি আহিছে বিশ্বৰ পর্যটকৰ আকর্ষণৰ কেন্দ্রস্থল

বিশেষ বাৰ্তা, ৩১ জুলাই : প্রশান্ত মহাসাগৰৰ উত্তাল জোৱাৰে সঘনে এটাৰ পিছত এটাকৈ দ্বীপ গ্রাস কৰিছে৷ অস্তিত্বৰ সংকটৰ সন্মুখীন হৈছে ওছিয়ানিয়া মহাদেশৰ অন্তর্গত স্বাধীন দ্বীপৰাষ্ট্র টুভালু৷ পশ্চিম–মধ্য প্রশান্ত মহাসাগৰৰ হাৱাই আৰু অষ্ট্রেলিয়াৰ মাজৰ টুভালু এখন ক্ষুদ্র ৰাষ্ট্র৷ বিশ্বৰ অন্যতম সুন্দৰ পর্যটন কেন্দ্র হিচাপে চিহ্ণিত এই টুভালু৷ এসময়ত বহু পর্যটকৰ আগমন ঘটিছিল টুভালুলৈ৷ কিন্তু বর্তমান টুভালুৰ অস্তিত্ব সংকটত৷ দ্বীপৰাষ্ট্রখনলৈ এতিয়া কোনেও যাব নিবিচাৰে৷ প্রায় ১২ হাজাৰ বাসিন্দা আছে টুভালুত৷ দ্বীপৰাষ্ট্রখন ক্রমাৎ গ্রাস কৰি আহিছে প্রশান্ত মহাসাগৰৰ জলৰাশিয়ে৷ প্রশান্ত মহাসাগৰৰ ওপৰত এটি আঙঠিৰ আকৃতিৰ প্রবাল প্রাচীৰত টুভালুৰ অৱস্থান৷ মাজতে আছে এখন উপসাগৰ৷ ইয়াক ঘেৰি পানীৰ তীৰত এটাৰ পিছত এটাকৈ সৰু দ্বীপৰ সৃষ্টি হৈছিল৷ অপৰূপ প্রাকৃতিক সৌন্দর্যৰ ভঁৰাল টুভালু এসময়ত পর্যটকসকলৰ আকর্ষণৰ কেন্দ্রবিন্দু আছিল৷ এই দ্বীপৰাষ্ট্রখনৰ গড় তাপমাত্রা ২৭ৰ পৰা ২৯ ডিগ্রী চেলছিয়াছ৷ সমগ্র বছৰটোত নাতিশীতোষ্ণ জলবায়ু বিদ্যমান৷ টুভালুত মাত্র এটা বিমানবন্দৰ আছে৷ তাৰ নাম ফুনাফুটি৷ ১৯৪৩ চনত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত মার্কিন নৌ বাহিনীয়ে এই বিমানবন্দৰ নির্মাণ কৰিছিল৷ এই বিমানবন্দৰেই বিশ্বৰ সৈতে টুভালুৰ যোগাযোগৰ একমাত্র মাধ্যম৷ বর্তমান মাত্র এখন বিমান চলে টুভালুলৈ৷ ফিজি এয়াৰলাইনছৰ এই বিমানখন নির্ধাৰিত সূচী অনুযায়ী টুভালুলৈ আহে। সমুদ্রপৃষ্ঠৰ পৰা মাত্র দুই মিটাৰ উচ্চতাত বসবাসযোগ্য ভূমি থকা টুভালুত প্রতি বছৰ ৩.৯ শতাংশ হাৰত সমুদ্রৰ পানী বৃদ্ধি পাইছে৷ ফলত দেশখনৰ স্থলভাগ হ্রাস পাই আহিছে৷ ইয়ে অস্তিত্বৰ সংকট কঢ়িয়াই আনিছে টুভালুলৈ৷

You might also like