নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মহাৰাষ্ট্রৰ ছত্রপতি শিৱাজী মহাৰাজ হাস্পতালত ২৪ ঘণ্টাত ২০ ৰোগীৰ মৃত্যু

বিশেষ বাৰ্তা, ১৩ আগষ্ট : মহাৰাষ্ট্রৰ থানে জিলাৰ কালৱাৰ ছত্রপতি শিৱাজী মহাৰাজ হাস্পতালত ২৪ ঘণ্টাৰ ভিতৰত ২০জন ৰোগীৰ মৃত্যুক লৈ চাঞ্চল্যৰ সৃষ্টি হৈছে৷ চৰকাৰী চিকিৎসালয়খনত যোৱানিশা ২৩জন ৰোগী ভর্তি হোৱাৰ কিছু ক্ষণৰ পাছতে ২০জন ৰোগীৰ কৰুণ মৃত্যুৰ ঘটনাটো কর্তৃপক্ষৰ অৱহেলা বুলি মৃতকৰ পৰিয়ালৰ লোকে অভিযোগ উত্থাপন কৰিছে৷ এই চাঞ্চল্যকৰ ঘটনাটোৰ তদন্তৰ বাবে স্বাস্থ্য বিভাগে তদন্ত কমিটী গঠন কৰিছে৷ জিলাখনৰ উপায়ুক্তই প্রকাশ কৰা মতে, ছত্রপতি শিৱাজী মহাৰাজ হাস্পতালত যোৱানিশা ভর্তি হোৱা ২৩জন ৰোগীৰ ভিতৰত ২০জনৰ মৃত্যুৰ ঘটনাটি শোকাৱহ৷ মৃতকৰ ভিতৰত ১০গৰাকী মহিলা আৰু ১০গৰাকী পুৰুষ আছে৷ এই ২০জনৰ ভিতৰত থানে চহৰৰ ৬জন, কল্যাণৰ ৫জন, সাহাপুৰৰ ৪জন, ভিবাণ্ডি উলহাছ নগৰ আৰু গোৱান্দৰ এজনকৈ লোক আছে৷ দুজন লোকৰ পৰিচয় এতিয়াও উদ্ধাৰ হোৱা নাই৷ উপায়ুক্তগৰাকীয়ে প্রকাশ কৰা মতে, মৃত্যু ঘটা লোকসকলৰ ১২জনৰ বয়স ৫০ৰ ঊর্ধ্বৰ৷ মন কৰিবলগীয়া যে স্বাস্থ্যমন্ত্রী তানাজী সাৱন্তে হাস্পতালখনত দুর্ভাগ্যজনকভাৱে মৃত্যুক আঁকোৱালি লোৱা ঘটনা সম্পর্কত উচিত তদন্ত কৰা হ’ব বুলি ঘোষণা কৰে৷ উপায়ুক্তই সংবাদ মেলত প্রকাশ কৰা মতে, মুখ্যমন্ত্রী একনাথ শিন্দেই সমগ্র ঘটনাৰ বুজ লৈ আছে আৰু তেওঁ এই ঘটনাৰ তদন্তৰ বাবে স্বতন্ত্র তদন্ত কমিটী গঠনৰ নির্দেশ দিছে৷ এই কমিটীত স্বাস্থ্য বিভাগৰ আয়ুক্ত মুৰব্বী হ’ব৷ গুৰুত্বপূর্ণ এয়ে যে ২৪ ঘণ্টাৰ ভিতৰত চিকিৎসালয়খনত মৃত্যু ঘটা ২০জন লোকৰ ভিতৰত কেইজনমানৰ বৃক্ক ৰোগ, গেষ্ট্রিক আলচাৰ, নিউম’নিয়া, কেৰাচিন বিষক্রিয়া আদি আছে৷ এই ৰোগতে ২৪ ঘণ্টাত ২০জন লোকৰ মৃত্যু ঘটাটো হাস্পতালখনৰ কর্তৃপক্ষৰ অৱহেলা জড়িত হৈ আছে বুলি অভিযোগ উত্থাপিত হৈছে৷ একাংশৰ মতে, চিকিৎসালয়খনত প্রয়োজনতকৈ অধিক ৰোগী ভর্তি হোৱাৰ বিপৰীতে চিকিৎসা কর্মীৰ অভাৱৰ বাবেই এনে অবাঞ্ছিত ঘটনাটি সংঘটিত হৈছে৷

You might also like