এলিয়েনৰ আক্রমণত পাথৰ হৈছিল ২৩জন ৰাছিয়ান সৈনিক
🔹 মার্কিন গুপ্তচৰ সংস্থা চিআইএৰ প্রতিবেদনক লৈ ব্যাপক চর্চা
নিউজ ডেস্ক, ১৮ এপ্রিল : এই ব্রহ্মাণ্ডত পৃথিৱীৰ বাহিৰৰ অন্য গ্রহতো আছে প্রাণীৰ অস্তিত্ব! তাৰ প্রমাণ এই নীল গ্রহতেই আছে! আমেৰিকাই লুকুৱাই ৰাখিছে ভিন্নগ্রহী প্রাণীৰ যান৷ আনকি এলিয়েনৰ দেহো আমেৰিকাই গোপনে ৰাখি থোৱা বুলি বিভিন্ন সময়ত চর্চা চলিছে৷ ইয়াক লৈ বিতর্কৰ অন্ত নাই৷ বিভিন্ন প্রতিবেদনে এলিয়েন সন্দর্ভত মানুহৰ কৌতূহল বৃদ্ধি কৰি আহিছে৷ এইবাৰ অন্য এক চাঞ্চল্যকৰ খবৰ প্রকাশ কৰিলে আমেৰিকাৰ চোৰাংচোৱা সংস্থা চিআইএ–ই৷ মার্কিন গুপ্তচৰ সংস্থাটোৰ প্রতিবেদন অনুসৰি প্রায় ৩৫ বছৰ পূর্বে শীতল যুদ্ধ চলি থকা সময়ত ছোভিয়েট ৰাছিয়াত সেনাৰ ওপৰত আক্রমণ চলাইছিল এলিয়েনে৷ ইয়াৰ ফলত মুহূর্তৰ ভিতৰতে পাথৰত পৰিণত হৈছিল হেনো ২৩জন ৰুছ সৈনিক! ১৯৮৯–৯০ চনৰ ভিতৰত এলিয়েনে ছোভিয়েট ইউনিয়নৰ সেনাক আক্রমণ কৰা বুলি চিআইএৰ প্রতিবেদনত দাবী কৰা হৈছে৷ সংস্থাটোৰ পৰা প্রকাশিত ২৫০ পৃষ্ঠাৰ প্রতিবেদন অনুসৰি সেই সময়ত ছাইবেৰিয়াৰ গভীৰ অৰণ্যত ছোভিয়েট ইউনিয়নৰ সেনাৰ এটা ইউনিটৰ অনুশীলন চলিছিল৷ হঠাতে অনুশীলনৰত সৈনিকসকলৰ ওপৰত আহি পৰে এখন উৰন্ত যান৷ এই যানখন গুলীয়াই ভূপতিত কৰে সৈনিকসকলে৷ ইয়াৰ পাছতে যানখনৰ ভিতৰৰ পৰা ওলাই অহা ৫টা এলিয়েনে অদ্ভুত শক্তিৰে ২৩জন সৈনিকক পাথৰত পৰিণত কৰে বুলি চিআইএৰ প্রতিবেদনত দাবী কৰা হৈছে৷ এই ঘটনাৰ পৰা দূৰত থকা দুজন সৈনিকে নিজ চকুৰে সমস্ত দেখিছিল বুলি দাবী কৰা হৈছে চিআইএৰ প্রতিবেদনত৷ চিআইএৰ এই তথ্যক লৈ পুনৰ এলিয়েনৰ অস্তিত্ব সন্দর্ভত ব্যাপক চর্চা চলিছে৷