নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

টাইৱানৰে প্রত্যক্ষ সম্পর্ক গঢ়ি তুলিব আমেৰিকাই

নিয়মীয়া বাৰ্তা, ১১ জানুৱাৰীঃ  আমেৰিকান আৰু টাইৱানৰ বিষয়ববীয়াসকলৰ মাজত যোগাযোগ ৰক্ষাৰ ক্ষেত্রত থকা দীর্ঘদিনীয়া নিষেধাজ্ঞা প্রত্যাহাৰ কৰিব হোৱাইট হাউছ প্রশাসনে৷ মার্কিন বিদেশ সচিব মাইক পম্পি’ৱে এই কথা ঘোষণা কৰিছে৷ কেইবাদশক পূর্বে স্ব–আৰোপিত এই নিষেধাজ্ঞা আছিল চীন চৰকাৰক সন্তুষ্ট কৰাৰ এক ইংগিত৷ বর্তমান এই নিষেধাজ্ঞা অকার্যকৰী বুলি ঘোষণা কৰিছে পম্পি’ৱে৷

উল্লেখনীয় যে চীনৰ মূল ভূখণ্ডৰ চৰকাৰে টাইৱান দ্বীপ নিজৰ বুলি দাবী কৰি আহিছে৷ গতিকে টাইৱানৰ সৈতে বিশ্বৰ গৰিষ্ঠসংখ্যক দেশে স্থাপন কৰা নাই কূটনৈতিক সম্পর্ক৷ আমেৰিকাৰ শেহতীয়া এই সিদ্ধান্তই বেইজিং প্রশাসনক ক্ষুব্ধ কৰাৰ আশংকা আছে৷ উল্লেখনীয় যে ইতিমধ্যে ৱাশ্বিংটন আৰু বেইজিঙৰ মাজত বিভিন্ন বিষয় লৈ চলি আছে মতানৈক্য৷ যদি টাইৱানৰ সৈতে আমেৰিকাই প্রত্যক্ষ সম্পর্ক গঢ়ি তোলে, তেন্তে চীনৰ প্রত্যাহ্বানৰ সন্মুখীন হ’ব পাৰে৷ লক্ষণীয় বিষয়টো হৈছে ট্রাম্পৰ কার্যকালৰ একেবাৰে অন্তিম মুহূর্তত এই সিদ্ধান্ত লোৱা হৈছে৷

You might also like