নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

অসমীয়া ভাষা-সংস্কৃতিৰ উন্নয়নৰ কাম কৰি যাবলৈ আহ্বান নীলিমা ভাগৱতীৰ

ডিজিটেল ডেস্ক, ২৫ জুলাই : গুৱাহাটী বিশ্ববিদ্যালয়ৰ শিক্ষা বিভাগৰ অৱসৰপ্রাপ্ত অধ্যাপিকা নীলিমা ভাগৱতীয়ে যুক্তৰাজ্যৰ নিউ কাচেল চহৰৰ নর্থ চিল্ডত অলপতে অনুষ্ঠিত আন্তঃৰাষ্ট্রীয় পর্যায়ৰ এখন সন্মিলনৰ লগতে যুক্তৰাজ্য অসম সাহিত্য সভাৰ ২৮সংখ্যক সাহিত্য দিৱসতো অতিথি বক্তা হিচাপে অংশগ্রহণ কৰে৷

যুক্তৰাজ্য অসম সাহিত্য সভা চমুকৈ এএছএছইউকেৰ সভানেত্রী গীতা বৰুৱাই পতাকা উত্তোলন কৰি কার্যসূচীৰ শুভাৰম্ভ কৰা সাহিত্য দিৱসৰ অনুষ্ঠানৰ আঁত ধৰে সম্পাদিকা জাহ্ণৱী গগৈয়ে৷ এই অনুষ্ঠানত প্রবাসী অসমীয়াসকলে শিক্ষা আৰু গৱেষণাৰ ক্ষেত্রখনলৈ অৱদান আগবঢ়াই ৰাষ্ট্রীয় বঁটা লাভ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই অনা অধ্যাপিকা নীলিমা ভাগৱতীক সম্বর্ধনা জনায়৷

অনুষ্ঠানত ভাষণ দি অধ্যাপিকাগৰাকীয়ে অসমৰ বিকাশৰ বাবে ৰূপৰেখা প্রস্তুতত গুৰুত্ব দিয়ে৷ অসমীয়া ভাষা–সংস্কৃতি–পৰম্পৰা যাতে বিদেশতো অক্ষুণ্ণ থাকে তাৰ বাবে যুক্তৰাজ্যত থকা অসমীয়াসকলে কৰি অহা কাম–কাজৰো তেওঁ শলাগ লয়৷ বিদেশৰ বুকুত সন্তানক মাতৃভাষাৰ গুৰুত্ব উপলব্ধি কৰাবলৈ, অসমীয়া ভাষা–সংস্কৃতি ৰক্ষাৰ বাবে কাম কৰিবলৈ উৎসাহ যোগোৱা বাবে তেওঁ অভিভাৱকসকলৰো শলাগ লয়৷ তেওঁ মাতৃভাষা তথা জাতিপ্রেম অক্ষুণ্ণ ৰাখিবলৈ আৰু গঠনমূলক চিন্তা–চর্চাৰে নিজৰ ভাষা–সংস্কৃতিক শিপাৰ সৈতে সংপৃক্ত হৈ থাকি আগবঢ়াই নিবলৈ প্রবাসী অসমীয়াসকলক আহ্বান জনায়৷ অসমক সকলো ক্ষেত্রতে উন্নয়নৰ দিশত আগবঢ়াই নিবলৈ বিদেশত থাকিয়েই কাম কৰি যাবলৈও তেওঁ প্রবাসী অসমীয়াসকলক আহ্বান জনায়৷

You might also like