নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

চাকৰি সেৱা বিধি ভংগ কৰি কনিষ্ঠ বিষয়াক জিলা বিষয়াৰ দায়িত্ব

কৈ থাকিলেও ওৰ নপৰে মীন বিভাগৰ কাহিনী

নিয়মীয়া বাৰ্তা ১১ জানুৱাৰীঃ পৰিকল্পিত প্রচাৰ আৰু সস্তীয়া চমকেৰে মৎস্য উৎপাদন বৃদ্ধিৰ ঢ়াক–ঢ়োল বজোৱা মীন বিভাগৰ ভিতৰচ’ৰাত চলিছে চৰম নৈৰাজ্য৷ মন্ত্রী পৰিমল শুক্লবৈদ্যৰ উদাসীনতাত বিভাগটো পৰিচালনা কৰাত সৃষ্টি হৈছে চূড়ান্ত খাম–খেয়ালি৷ বিশেষকৈ একাংশ বিষয়াই পদমর্যাদাৰ চৰম অপব্যৱহাৰ কৰি এফালৰ পৰা ভংগ কৰি গৈছে বিভাগীয় নীতি–নিয়ম৷ বিশেষকৈ পদোন্নতি, নিযুক্তি, বদলি আদিৰ ক্ষেত্রত বিভাগীয় নীতি–নিয়মক সম্পূর্ণ জলাঞ্জলি দিয়া হৈছে৷ বিভাগটোৰ এক উচ্চস্তৰীয় সূত্রই সদৰী কৰা অনুসৰি মীন বিভাগত এতিয়া উঠিৰজা–বহিৰজা হৈ পৰিছে যুটীয়া সঞ্চালক অপূর্ব কুমাৰ দাসৰ লগতে দুই কনিষ্ঠ বিষয়া চন্দন ছেত্রী আৰু ভগৱান কলিতা৷ একপ্রকাৰ এইকেইজন বিষয়াৰ আঙুলিৰ ঠাৰত চলিছে মীন বিভাগ৷ ইয়াৰ প্রমাণ হৈছে একাংশ জ্যেষ্ঠ বিষয়াক বঞ্চিত কৰি আন একাংশ কনিষ্ঠ আৰু দুর্নীতিগ্রস্ত বিষয়াক দিয়া হৈছে গুৰুত্বপূর্ণ দায়িত্ব৷ সূত্রটোৱে সদৰী কৰা অনুসৰি গোৱালপাৰা, ধুবুৰী, নলবাৰী, হাইলাকান্দিত জ্যেষ্ঠ বিষয়াক বঞ্চিত কৰি কনিষ্ঠ বিষয়াক জিলা বিষয়া হিচাপে নিযুক্তি দিয়া হৈছে৷ সেই অনুসৰি গোৱালপাৰাত গ্রেডেচন তালিকাৰ ষষ্ঠ স্থানত থকা বিষয়াক বঞ্চিত কৰি জিলা বিষয়াৰ দায়িত্ব দিয়া হৈছে ৪৬ নম্বৰ স্থানত থকা বিষয়াক৷ সেইদৰে ধুবুৰীত ৬৮ নম্বৰ স্থানত থকা ব্যক্তিৰ পৰিৱর্তে ৭৫ নম্বৰ স্থানত থকাজনক দিয়া হৈছে জিলা বিষয়াৰ দায়িত্ব৷ আনহাতে, নলবাৰীত তৃতীয় স্থানত থকা বিষয়াক বঞ্চিত কৰি জিলা বিষয়াৰ দায়িত্ব অর্পণ কৰা হৈছে ৩৭ নম্বৰ স্থানত থকা বিষয়াক৷ হাইলাকান্দিতো অনুৰূপ ধৰণে গ্রেডেচন তালিকাৰ ১৫ নম্বৰ স্থানত থকাজনক দায়িত্ব নিদি ৯৫ নম্বৰ স্থানত থকাজনকহে জিলা বিষয়া হিচাপে নিযুক্তি দিছে৷

ইফালে নগাঁৱত এজন কনিষ্ঠ বিষয়াক জিলা বিষয়া পতাৰ স্বার্থত ৰচনা কৰা হৈছে আন এক ষড়যন্ত্র৷ গ্রেডেচন তালিকাৰ নিম্ন স্থানত থকা এজন বিষয়াক নিযুক্তিৰ স্বার্থত ৪ নম্বৰ আৰু ১৭ নম্বৰ স্থানত থকা বিষয়া দুজনক বদলি কৰাৰ ব্যৱস্থা কৰা হৈছে৷ বিভাগটোত চলি অহা এই দুর্নীতি–নিয়মৰ বিৰোধিতা কৰাসকলেও শাস্তি লাভ কৰে বুলি সূত্রটোৱে প্রকাশ কৰিছে৷ এনেদৰে গ্রেডেচন তালিকাৰ নিম্ন স্থানৰ একাংশ বিষয়াক গুৰুত্বপূর্ণ দায়িত্ব দিয়াত বিৰোধিতা কৰা একাংশক বদলিও কৰা হৈছে বুলি জানিব পৰা গৈছে৷ প্রসংগক্রমে উল্লেখ কৰিব পাৰি যে দীর্ঘদিন ধৰি একেটা পদত কাম কৰাৰ পাছতো পদোন্নতিৰ পৰা বঞ্চিত হোৱা একাংশ বিষয়াই উচ্চ ন্যায়ালয়ত গোচৰো তৰিছিল৷ এই গোচৰত আদালতে জ্যেষ্ঠ বিষয়াসকলক প্রাধান্য দিবলৈ নির্দেশ দিছিল৷ কিন্তু বিভাগটোত ন্যায়ালয়ৰ নির্দেশনাও মানি চলা নহ’ল৷ ইয়াৰ বিপৰীতে আন একাংশ কনিষ্ঠ বিষয়াক পদোন্নতি দিয়াৰহে এতিয়া যো–জা চলিছে বুলি প্রকাশ কৰিছে সূত্রটোৱে৷ পদোন্নতিৰ নামত জ্যেষ্ঠ বিষয়াসকলক কলকাতালৈ প্রশিক্ষণ প্রদানৰ দিহা কৰি কনিষ্ঠসকলৰ পদ উন্নীতকৰণৰ চেষ্টা চলিছে৷ এনে ষড়যন্ত্রৰ ফলত ৩০–৩৫ বছৰ ধৰি একেটা পদত কাম কৰি অহা বহু বিষয়াই পদোন্নতি অবিহনেই অৱসৰ ল’বলগীয়া পৰিস্থিতি সৃষ্টি হৈছে৷ বঞ্চিত এই বিষয়াসকলে বর্তমানৰ সঞ্চালক নির্মলেন্দু দেৱনাথক এই বিষয়ে অৱগত কৰিছিল বুলি জানিব পৰা গৈছে৷ কিন্তু এই বঞ্চিত বিষয়াসকলক সহায় কৰাৰ পৰিৱর্তে দেৱনাথে নিজৰ অসহায় অৱস্থাৰ কথাহে তেওঁলোকৰ আগত অৱগত কৰে৷ মন্ত্রী পৰিমল শুক্লবৈদ্যৰ উদাসীনতা আৰু শীর্ষ বিষয়াৰ অসহায় অৱস্থাৰ ফলত যুটীয়া সঞ্চালক অপূর্ব কুমাৰ দাসৰ নেতৃত্বত কনিষ্ঠ বিষয়াসকলক পদোন্নতিৰ ফাইল ইতিমধ্যে দিছপুৰৰ পার্ছনেল বিভাগলৈ প্রেৰণ কৰা হৈছে বুলিও সূত্রটোৱে সদৰী কৰিছে৷ এই কনিষ্ঠ বিষয়াসকলক পদোন্নতি দিয়াৰ ক্ষেত্রত বিশেষ ভূমিকা গ্রহণ কৰিছে কলিতা উপাধিৰ আন এজন বিষয়াই৷ বিভিন্ন জিলাত কর্মৰত কনিষ্ঠ বিষয়াসকলৰ পৰা পদোন্নতিৰ নামত দাস আৰু তেওঁৰ সহযোগীসকলে বৃহৎ পৰিমাণৰ ধন সংগ্রহ কৰিছে বুলিও অভিযোগ উত্থাপন হৈছে৷ এক কথাত ক’বলৈ গ’লে কৈ থাকিলেও ওৰ নপৰে পৰিমল শুক্লবৈদ্যৰ মীন বিভাগৰ ভিতৰচ’ৰাৰ কাহিনী৷ সেয়েহে ৰাজ্যৰ অর্থনৈতিক উন্নয়নত গুৰুত্বপূর্ণ ভূমিকা পালন কৰিব পৰা বিভাগটোক অধিক উজ্জীৱিত কৰিবলৈ এই বিষয়াসকলক কঠোৰ হাতেৰে দমন কৰি বঞ্চিত বিষয়াসকলক ন্যায় প্রদান কৰিবলৈ মন্ত্রীগৰাকীক আহ্বান জনাইছে বিষয়া–কর্মচাৰীসক৷

You might also like