নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

যুদ্ধৰ মাজতে ডুমছডে বেলিষ্টিক মিছাইলৰ পৰীক্ষা চলালে আমেৰিকাই

ডিজিটেল ডেস্ক, ৫ মাৰ্চ : মধ্যপ্ৰাচ্যত চলি থকা যুদ্ধত ইজৰাইল-আমেৰিকাৰ আক্ৰমণ অধিক তীব্ৰতৰ হৈ উঠিছে। ইয়াৰ মাজতে আমেৰিকাই কেলিফ’ৰ্নিয়াৰ উপকূলত ডুমছডে বেলিষ্টিক মিছাইল পৰীক্ষা কৰে।

উল্লেখ্য যে মঙলবাৰে নিশা আমেৰিকাই কেলিফ’ৰ্নিয়াৰ উপকূলত ডুমছডে বেলিষ্টিক মিছাইল পৰীক্ষা কৰে। হিৰোছিমাত নিক্ষেপ কৰা পাৰমাণৱিক বোমাতকৈ ২০ গুণ শক্তিশালী পাৰমাণৱিক ৱাৰহেড কঢ়িয়াই নিব পৰা মিনিটমেন-৩ বেলিষ্টিক মিছাইলটোৰ নিশা ১১ বজাত পৰীক্ষণ কৰা হয়। চান্টা বাৰ্বাৰাৰ ওচৰৰ ভাণ্ডেনবাৰ্গ ঘাটিৰ পৰা কৰা হয় এই পৰীক্ষণ ।

বাতৰি অনুসৰি, জিটি ২৫৪ নামেৰে পৰিচিত এই ৰকেটটোৱে পশ্চিম-মধ্য প্ৰশান্ত মহাসাগৰৰ মাৰ্শ্বেল দ্বীপপুঞ্জৰ ওচৰত নিজৰ লক্ষ্যত আঘাত কৰে । ফনৰ্চ গ্ল’বেল ষ্ট্ৰাইক কমাণ্ডৰ মতে, এই মিছাইলটো কাৰ্যকাৰিতা, প্ৰস্তুতি আৰু সঠিকতা পৰীক্ষা কৰিবলৈ নিক্ষেপ কৰা হৈছিল ।

আমেৰিকা আৰু ইজৰাইলৰ আক্ৰমণত খামেনেইৰ মৃত্যুৰ পিছত ইৰানে ইজৰাইল আৰু মধ্যপ্ৰাচ্যত থকা আমেৰিকাৰ ঘাটিসমূহত আক্ৰমণ অব্যাহত ৰাখিছে। ইয়াৰ পিছৰে পৰা মধ্যপ্ৰাচ্যত অব্যাহত আছে যুদ্ধৰ বিভীষিকা। ইফালে, হিজবুল্লাহ সক্ৰিয় হোৱাৰ পাছত ইজৰাইলে লেবাননৰ ৰাজধানী বেইৰুটত ধাৰাবাহিকভাৱে আক্ৰমণ চলাইছে। পৰৱৰ্তী সময়ত ৰাষ্ট্ৰপতি ট্ৰাম্পে ইৰানৰ ওপৰত আক্ৰমণ তীব্ৰতৰ কৰাৰ হুংকাৰ দি বৃহৎ আক্ৰমণ কৰিব বুলিও সকীয়াই দিয়ে ।

উল্লেখ্য যে মিনিটমেন-৩ আমেৰিকাৰ আটাইতকৈ পুৰণি আইচিবিএম, যিটো ১৯৭০ চনৰ পৰাই ব্যৱহাৰ হৈ আহিছে । ইয়াৰ ৰেঞ্জ ১৩,০০০ কিলোমিটাৰ । অৱশ্যে এই পৰীক্ষাত কোনো অস্ত্ৰ ব্যৱহাৰ কৰা হোৱা নাছিল।

You might also like