নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

মাজ আকাশত সন্ধানহীন মার্কিন সেনাৰ এফ–৩৫ যুদ্ধবিমান

বিশেষ বাৰ্তা, ১৯ ছেপ্টেম্বৰ : মাজ আকাশৰ পৰা ৰহস্যজনকভাৱে সন্ধানহীন হয় মার্কিন এফ–৩৫ যুদ্ধবিমান ৷ আমেৰিকাৰ ছাউথ কেৰোলিনাৰ আকাশত ৰুটিন উৰণত আছিল এই অত্যাধুনিক যুদ্ধবিমানখন৷ তেতিয়াই নিয়ন্ত্রণ হেৰুৱায় বিমানখনে৷ ইয়াৰ পিছৰে পৰা এফ–৩৫ যুদ্ধবিমানখন বিচাৰি পোৱা নাই মার্কিন বায়ুসেনাই৷ দেওবাৰে নর্থ চার্লষ্টন অঞ্চলৰ আকাশত উৰুওৱা হৈছিল বিমানখন৷ তেতিয়াই দেখা দিয়ে যান্ত্রিক বিজুতি৷ বিমানখনৰ ককপিটৰ পৰা পাইলটে কোনোমতে বাহিৰলৈ ওলায় আহে৷ তাৰ পিছৰে পৰা বিমানখন বিচাৰি হাবাথুৰি খাবলগীয়া হৈছে মার্কিন বায়ুসেনা৷ চার্লষ্টন অঞ্চলৰ মার্কিন বিমানঘাটিৰ পৰা স্থানীয় লোকসকলৰ সহায়ো বিচৰা হৈছে৷ বিশ্লেষকসকলৰ মতে, এফ–৩৫ বিমান বিশ্বৰ আটাইতকৈ আধুনিক যুদ্ধবিমান৷ ৰাডাৰৰ পৰা আৰম্ভ কৰি বিমানখনৰ ‘অস্ত্র নিয়ন্ত্রণ ব্যৱস্থা’ প্রযুক্তি অত্যন্ত গোপনীয় বুলি দাবী কৰি আহিছে বিশেষজ্ঞসকলে৷

You might also like