উপ–ৰাষ্ট্রপতি ডুটের্টেই ৰাজহুৱাকৈ দিলে ৰাষ্ট্রপতিক হত্যাৰ ভাবুকি
🔹 ফিলিপাইনছত সুৰক্ষাক লৈ শংকা
নিউজ ডেস্ক, ২৪ নৱেম্বৰ : ফিলিপাইনছৰ উপ–ৰাষ্ট্রপতি ছাৰা ডুটের্টে ৰাজহুৱাকৈ দেশখনৰ ৰাষ্ট্রপতি, তেওঁৰ পত্নী আৰু সদনৰ অধ্যক্ষক হত্যাৰ ভাবুকি দিলে৷ ৰাজহুৱাকৈ হত্যাৰ ভাবুকি দি উপ–ৰাষ্ট্রপতিগৰাকীয়ে সেয়া কোনো ব্যংগ নহয় বুলি স্পষ্ট কৰি দিছে৷ উপ–ৰাষ্ট্রপতিগৰাকীৰ এই হত্যাৰ ভাবুকিয়ে দেশখনৰ ৰাষ্ট্রীয় সুৰক্ষাত উদ্বিগ্ণতা বৃদ্ধি পোৱাৰ লগতে আইনী ব্যৱস্থাৰ মাজতো শংকাবোধ হৈছে৷ উপ–ৰাষ্ট্রপতিগৰাকীৰ এই ভাবুকিয়ে দেশখনৰ ৰাজনীতি উত্তাল কৰি তুলিছে৷ মন কৰিবলগীয়া যে উপ–ৰাষ্ট্রপতি ডুটের্টেই ৰাজহুৱাকৈ ৰাষ্ট্রপতিক হত্যাৰ ভাবুকি দি কয় যে ইতিমধ্যে তেওঁ ৰাষ্ট্রপতি, তেওঁৰ পত্নী আৰু সদনৰ অধ্যক্ষক হত্যা কৰিবলৈ হত্যাকাৰীক ঠিকা দিছে৷ যদি তেওঁ নিজৰো মৃত্যু হ’বলগীয়া হয়, তাতো কোনো আক্ষেপ নাই৷ উপ–ৰাষ্ট্রপতিগৰাকীৰ এই মন্তব্যৰ পিছতেই ৰাষ্ট্রপতিৰ নিৰাপত্তা কমাণ্ডে বিষয়টো গুৰুত্বসহকাৰে লৈ ৰাষ্ট্রপতি মার্কোছৰ নিৰাপত্তা বৃদ্ধি কৰিছে৷ উপ–ৰাষ্ট্রপতিয়ে হত্যাৰ ভাবুকি দিয়া বিষয়টো ৰাষ্ট্রীয় নিৰাপত্তাৰ বিষয় হৈ উঠিছে৷ ৰাষ্ট্রপতিৰ নিৰাপত্তা কমাণ্ডে ইতিমধ্যে আইনী বিশেষজ্ঞৰ সৈতেও এই ভাবুকিক লৈ আলোচনা কৰিছে৷ উল্লেখ্য যে ২০২২ চনৰ মে’ মাহত অনুষ্ঠিত নির্বাচনত মার্কোছ আৰু ডুটের্টে জয়লাভ কৰিছিল৷ ৰাষ্ট্রীয় সংহতিৰ শ্লোগানেৰে দুয়োগৰাকীয়ে নির্বাচনত বিশাল জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে৷ দেশৰ নীতিৰ বাবেই দুয়োগৰাকী নেতাই পৃথক পৃথক স্থিতিত থিয় দি থকাৰ বাবে এই ধৰণৰ ঘটনা ঘটিবলৈ আৰম্ভ কৰিছে বুলি দেশৰ সংবাদ মাধ্যমত প্রকাশ পাইছে৷ দক্ষিণ–চীন সাগৰত বেইজিঙে আগ্রাসী ভূমিকা লৈ থকাৰ বাবে দুয়োগৰাকী নেতাৰ মাজত মতভেদ বৃদ্ধি পাইছে৷ ইয়াৰ পৰিণতিতে হয়তো উপ–ৰাষ্ট্রপতিগৰাকীয়ে ৰাজহুৱাভাৱে এনে মন্তব্য কৰিছে৷