বিৰাট কোহলিক জৰিমনা : কনিষ্ঠ কেংগাৰু খেলুৱৈৰে অশোভনীয় আচৰণ
নিউজ ডেস্ক, ২৭ ডিচেম্বৰ : কনিষ্ঠ খেলুৱৈৰে কাজিয়া কৰি শাস্তিৰ সন্মুখীন হ’ল ভাৰতৰ ক্রিকেট তাৰকা বিৰাট কোহলি৷ কালিৰে পৰা মেলব’ৰ্নত আৰম্ভ হোৱা চতুর্থ টেষ্টৰ প্রথম দিনটোত অষ্ট্রেলিয়াৰ নৱাগত অ’পেনাৰ ছেম কনষ্টাছক কান্ধত খুন্দা মৰাৰ বাবে আইচিচিয়ে টীম ইণ্ডিয়াৰ তাৰকা বেটাৰ কোহলিক শাস্তি বিহিছে৷ কোহলিৰ মেচ ফীৰ ২০ শতাংশ কর্তন কৰা হৈছে আৰু আইচিচি আচৰণবিধি উলংঘা কৰা বাবে তেওঁৰ অনুশাসনমূলক ৰেকর্ডত এটা ডিমেৰিট পইণ্ট যোগ কৰা হৈছে৷ আইচিচিয়ে এক প্রেছ বিবৃতিযোগে এই কথা সদৰী কৰিছে৷ ঘটনাটো অষ্ট্রেলিয়াৰ ইনিংছৰ দশম অভাৰৰ শেষত সংঘটিত হৈছিল৷ অভাৰৰ সমাপ্তিৰ পিছত কনষ্টাছে উইকেটৰ আনটো মূৰলৈ গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা আহি থকা কোহলিয়ে ইচ্ছাকৃতভাৱে কনষ্টাছৰ কান্ধত খুন্দা মাৰে৷ এই ঘটনাৰ পিছতে সমালোচনাৰো সন্মুখীন হয় কোহলি৷ কালি প্রথম দিনটোৰ খেল সমাপ্ত হোৱাৰ লগে লগে মেচ ৰেফাৰী এণ্ডী পাইক্রফটৰ সন্মুখত হাজিৰ হয় কোহলি৷ সেই সময়ত টীম ইণ্ডিয়াৰ বেটাৰগৰাকীয়ে নিজৰ অপৰাধ স্বীকাৰ কৰে৷ ঘটনাটোৰ সন্দর্ভত কনষ্টাছে কয়- ‘বিৰাট কোহলিয়ে দুর্ঘটনাক্রমে মোক খুন্দা মাৰিছিল৷ সেয়া ক্রিকেট আৰু উত্তেজনাৰ সৈতে হ’ব পাৰে৷’