নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

আমেৰিকালৈ ৰাওনা বিৰাট কোহলি

বিশেষ বাৰ্তা, ৩১ মে’ : অৱশেষত জল্পনা–কল্পনাৰ অন্ত পেলাই আমেৰিকালৈ ৰাওনা হ’ল ভাৰতীয় ক্রিকেট দলৰ তাৰকা বেটাৰ বিৰাট কোহলি৷ বৃহস্পতিবাৰে নিশা মুম্বাই বিমানবন্দৰৰ পৰা নিউয়র্কলৈ ৰাওনা হয় তাৰকা বেটাৰগৰাকী৷ ২ জুনৰ পৰা শক্তিধৰ দেশ আমেৰিকা আৰু ৱেষ্ট ইণ্ডিজত যুটীয়াভাৱে অনুষ্ঠিত হ’ব আইচিচি টি–২০ বিশ্বকাপ ক্রিকেট প্রতিযোগিতা৷ ২৫ মে’ত অধিনায়ক ৰোহিত শর্মাকে ধৰি ভাৰতীয় দলটোৰ কেইবাজনো ক্রিকেটাৰ নিউয়র্কত উপস্থিত হৈছিল যদিও বিৰাট কোহলিয়ে দলটোৰ সৈতে আমেৰিকালৈ ৰাওনা হোৱা নাছিল৷ কোহলিয়ে আমেৰিকালৈ ৰাওনা হৈছে যদিও টি–২০ বিশ্বকাপৰ পূর্বে কাইলৈ বাংলাদেশৰে খেলিবলগীয়া একমাত্র ৱার্মআপ মেচখনত অংশগ্রহণ কৰাৰ সম্ভাৱনা কম৷ উল্লেখ্য যে সদ্য সমাপ্ত আইপিএলত সর্বাধিক ৰান কৰাৰ গৌৰৱ অর্জন কৰা ৰয়েল চেলেঞ্জার্ছ বেংগালুৰুৰ তাৰকা বেটাৰ কোহলিয়ে বিশ্বকাপৰ পূর্বে কিছুদিন বিশ্রাম লোৱাৰ বাবে বিচিচিআইৰ পৰা অনুমতি লৈছিল৷ উল্লেখ্য যে ৫ জুনত আয়াৰলেণ্ডৰ বিপক্ষে খেলি টি–২০ বিশ্বকাপত অভিযান আৰম্ভ কৰিব টীম ইণ্ডিয়াই৷ ৯ জুনত চিৰ প্রতিদ্বন্দ্বী পাকিস্তান, ১২ জুনত আমেৰিকা আৰু ১৫ জুনত কানাডাৰ বিপক্ষে লীগ মেচ খেলিব ৰোহিত শর্মা বাহিনীয়ে৷

You might also like