এভাৰেষ্টতকৈ উচ্চ আগ্নেয়গিৰি আৱিষ্কাৰ মঙলৰ বুকুত
🔹 নতুন বিস্ময় ! ৰঙা গ্রহত আগ্নেয়গিৰি ‘আৰছিয়া মনছ’
নিউজ ডেস্ক, ১০ জুন : ৰঙা গ্রহ মঙলক লৈ বিজ্ঞানীসকলে যিমানেই পৰীক্ষা–নিৰীক্ষা আৰম্ভ কৰিছে, সিমানেই বিস্ময়ৰ পাছত বিস্ময়ৰ সন্মুখীন হ’বলগীয়া হৈছে বিজ্ঞানীসকল৷ শেহতীয়াকৈ আমেৰিকান মহাকাশ গৱেষণা সংস্থা ‘নাছা’ৰ অ’ডিচি অর্বিটাৰে প্রেৰণ কৰা বিভিন্ন ছবিক লৈ সৃষ্টি হৈছে নতুন বিস্ময়৷
এই ছবি পৰীক্ষা কৰি বিজ্ঞানীসকলে দাবী কৰিছে যে মঙলৰ বুকুত এটা আগ্নেয়গিৰিৰ অস্তিত্ব পোৱা গৈছে৷ এই আগ্নেয়গিৰিৰ উচ্চতা পৃথিৱীৰ উচ্চতম পর্বত শৃংগ মাউণ্ট এভাৰেষ্টতকৈও বেছি৷ মঙলৰ পৃষ্ঠৰ পৰা প্রায় ২০ কিলোমিটাৰ উচ্চ এই আগ্নেয়গিৰি৷ পৃথিৱীৰ উচ্চতম আগ্নেয়গিৰি মাউণ্ট লোৱা ভূপৃষ্ঠৰ পৰা ৯ কিলোমিটাৰ উচ্চতাত আছে৷ তুলনা কৰিলে মঙলৰ এই আগ্নেয়গিৰিৰ ওচৰত মাউণ্ট লোৱা এটা ‘বামন আগ্নেয়গিৰি’৷ শেহয়ীতাকৈ নাছাৰ অ’ডিচি অর্বিটাৰে ৰঙা গ্রহটোৰ বিভিন্ন ছবি প্রেৰণ কৰিছে৷ মঙলৰ এই আগ্নেয়গিৰিৰ নাম আৰছিয়া মনছ৷
মঙলৰ নিৰক্ষীয় অঞ্চলৰ দিশত ইয়াৰ অৱস্থান৷ অ’ডিচিৰ নতুন ছবি বিশ্লেষণ কৰি বিজ্ঞানীসকলে দাবী কৰিছে যে মঙল গ্রহৰ এই অংশটো সূর্যৰ পৰা বহু দূৰত আছে৷ ইয়াক আৱৰি ৰাখিছে মেঘৰ বলয়ে, যাক কোৱা হৈছে ‘এফেলিয়ন ক্লাউড বেল্ট’৷ এই অংশত ধূলি আৰু বৰফ শীতল মেঘৰ অৱস্থানৰ পৰিৱর্তন দেখিবলৈ পোৱা গৈছে৷ অর্থাৎ এই অঞ্চলটোত মঙলৰ বতৰ সলনি হয় বুলি বিজ্ঞানীসকলে ধাৰণা কৰিছে৷ লক্ষণীয়ভাৱে মঙলৰ আগ্নেয়গিৰিয়ে নতুন বিস্ময় সৃষ্টি কৰিছে বিজ্ঞানীসকলৰ মাজত৷