১১ কোটিৰ কোকেইন গিলিলে মহিলাই
🔴 দিল্লী বিমানবন্দৰত গ্রেপ্তাৰ নিৰাপত্তাৰক্ষীৰ
বিশেষ বাৰ্তা, ২৬ জুনঃ সৰবৰাহৰ বাবে কোকেইন কেপছুল গিলি পেলাইছিল মহিলাই ৷ তথাপি নিৰাপত্তাৰক্ষীৰ নজৰৰ পৰা সাৰি যাব নোৱাৰিলে ড্রাগ্ছ সৰবৰাহকাৰী এই বিদেশী মহিলা ৷ কোকেইন সৰবৰাহ কৰিবলৈ আহি দিল্লী বিমানবন্দৰত ধৰা পৰে এই মহিলাগৰাকী ৷ মহিলাগৰাকীৰ পৰা উদ্ধাৰ কৰা হয় ১১ কোটি টকা মূল্যৰ কোকেইন ৷ এই ঘটনাৰ কথা পোহৰলৈ আহিছে ৷ সংবাদ সংস্থা পি টি আইৰ সূত্রই সদৰী কৰা অনুসৰি, যোৱা ১৮ জুনত আফ্রিকান ৰাষ্ট্র ইথিঅ’পিয়াৰ আদিছ আবাবাৰ পৰা দিল্লীলৈ উভতিছিল গিনি বিছাউৰ এগৰাকী নাগৰিক ৷ দিল্লী বিমানবন্দৰত তালাচীৰ সময়ত ধৰা পৰে মহিলাগৰাকী ৷ তালাচীৰ সময়ত নিৰাপত্তাৰক্ষীসকলৰ নজৰলৈ আহে যে মহিলাগৰাকীয়ে ৫৯টা কোকেইন কেপছুল গিলি পেলাইছে ৷ স্থানীয় হাস্পতাললৈ নি মহিলাগৰাকীৰ পেটৰ পৰা এই কেপছুলবোৰ উলিওৱা হয় ৷