চীনৰ জনপ্রিয় ৰেষ্টুৰেণ্টৰ হটপটত মূত্রত্যাগ কর্মীৰ
নিউজ ডেস্ক, ১৭ মাৰ্চঃ হোটেল আৰু ৰেষ্টুৰেণ্টসমূহত খাদ্য যোগান ধৰাৰ সময়ত নূ্যনতম স্বাস্থ্যবিধি মানি চলাৰ নির্দিষ্ট নিয়ম আছে৷ সেই নিয়ম মানি নচলিলে জৰিমনা বাদেই, কঠোৰ শাস্তিও হ’ব পাৰে৷ হোটেল কর্তৃপক্ষক ইয়াৰ বাবে কঠোৰ শাস্তি প্রদান কৰিব পাৰে প্রশাসনে, সেয়া কোনোবা ডাঙৰ ৰেষ্টুৰেণ্টেই হওক বা হোটেলেই হওক৷ চীনৰ এখন দামী ৰেষ্টুৰেণ্টত কর্মীসকলে এনে কাণ্ড সংঘটিত কৰিছে যে সেয়া ভাইৰেল হোৱাৰ লগে লগে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে৷ ৰেষ্টুৰেণ্টৰ যি হটপটত ব্যঞ্জন ৰখা হয়, তাত মূত্রত্যাগ কৰিছে হোটেলৰ কর্মীসকলে৷ চীনৰ ছাংহাইৰ এই ৰেষ্টুৰেণ্টখনৰ বিষয়টো প্রচাৰ হোৱাৰ লগে লগে তীব্র প্রতিক্রিয়াৰ সৃষ্টি হয়৷ কঠোৰ সমালোচনাৰ সন্মুখীন হ’বলগীয়া হৈছে ৰেষ্টুৰেণ্ট কর্তৃপক্ষ৷ ইয়াৰ পিছতে কর্তৃপক্ষই এনে অপৰাধৰ বাবে ক্ষমা বিচৰাৰ লগতে চাৰি হাজাৰ গ্রাহক আৰু ক্রেতাক আর্থিক ক্ষতিপূৰণ দিবলৈ সিদ্ধান্ত লৈছে৷ চীনৰ এই দামী ৰেষ্টুৰেণ্টখনৰ নাম হৈছে ‘হটপট জায়াণ্ট হাইডিলাও’৷ দেশজুৰি এই ৰেষ্টুৰেণ্টখনৰ একাধিক শাখা আছে৷ চীনত অতি জনপ্রিয় এই ৰেষ্টুৰেণ্ট৷ যোৱা মাহত চীনৰ ছ’চিয়েল মিডিয়াত এটা ভিডি’ ভাইৰেল হৈ পৰে৷ তাত দেখিবলৈ পোৱা গৈছে হাইডিলাওত এখন ৰেষ্টুৰেণ্টত ব্যক্তিগত কোঠাত বিশ্রাম লোৱাৰ সময়ত ঝোলৰ পাত্রত মূত্রত্যাগ কৰিছে দুজন কর্মীয়ে৷ সেয়া কর্তৃপক্ষৰ নজৰলৈ অনা হয়৷ কিন্তু কোনো ব্যৱস্থা গ্রহণ নকৰিলে কর্তৃপক্ষই৷ ১০–১২ দিন অতিক্রম কৰাৰ পাছত ৰেষ্টুৰেণ্টৰ তৰফৰ পৰা এই ঘটনাৰ সত্যতা স্বীকাৰ কৰা হৈছে৷ এক বিবৃতিত ৰেষ্টুৰেণ্টখনৰ তৰফৰ পৰা উল্লেখ কৰা হৈছে যে ইতিমধ্যে অভিযুক্ত কর্মীৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্রহণ কৰা হৈছে৷ ইফালে এই কাণ্ডৰ বাবে গ্রাহক আৰু ক্রেতাসকলৰ ওচৰত ক্ষমা বিচাৰি চাৰি সহস্রাধিকক আর্থিক ক্ষতিপূৰণ আদায় দিয়া হ’ব বুলি ৰেষ্টুৰেণ্ট কর্তৃপক্ষই ঘোষণা কৰিছে৷