নিয়মীয়া বাৰ্তা
অসমৰ সৰ্বাধিক প্ৰচলিত দৈনিক বাতৰিকাকত

বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ দিশে চৰাইদেউ মৈদাম! মুখ্যমন্ত্ৰীৰ ঘোষণাত উৎফুল্লিত জিলাবাসী

নিয়মীয়া বাৰ্তা, ২১ জানুৱাৰীঃ ছশ বছৰীয়া আহোম ৰাজত্বকালৰ অন্যতম গৌৰৱময় স্বাক্ষৰ ঐতিহাসিক চৰাইদেউ মৈদামক্ষেত্ৰ শীঘ্ৰে বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে চিহ্নিত হোৱাৰ পথত। আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই ঐতিহাসিক চৰাইদেউ মৈদাম ক্ষেত্ৰক বিশ্ব ঐতিহ্য থলী হিচাপে চিনাক্ত কৰিবলৈ এইবাৰ ভাৰতৰ পৰা একমাত্ৰ মনোনয়ন হিচাপে ইউনেস্কলৈ প্ৰেৰণ কৰিবলৈ সিদ্ধান্ত লোৱা বুলি ঘোষণা কৰাৰ পাছতে চৰাইদেউত আনন্দৰ লহৰ উঠিছে। উৎফুল্লিত হৈ পৰিছে জিলাখনৰ বিভিন্ন মহল ৷ উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী গৰাকীয়ে কৰা ঘোষণা মতে আজি নিশা ভাৰতৰ প্ৰতিনিধিয়ে এই সন্দৰ্ভত আনুষ্ঠানিক প্ৰস্তাৱ লৈ ইউনেস্ক’লৈ যাব ৷ মুখ্যমন্ত্ৰীগৰাকীৰ এই ঘোষণাৰ পাছতে চৰাইদেউ মৈদামক্ষেত্ৰক লৈ দীৰ্ঘকাল ব্যস্ত হৈ থকা স্থানীয় সমাজকৰ্মী তথা বৰ্তমান সোণাৰিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে সংবাদ মাধ্যমৰ আগত বক্তব্য আগবঢ়াই কয় যে অসমৰ জনপ্ৰিয় মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ ঐকান্তিক চেষ্টাৰ বলতে চৰাইদেউবাসীয়ে লগতে অসমবাসীয়ে এই প্ৰত্যাশিত শুভ সংবাদ লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বলিষ্ঠ পদক্ষেপ আৰু মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাৰ আন্তৰিক সদিচ্ছাৰ বাবে চৰাইদেউ মৈদামক্ষেত্ৰই আজি ইউনেস্কৰ দ্বাৰা আনুষ্ঠানিক স্বীকৃতি পোৱাৰ দিশে অগ্ৰসৰ হৈছে। বিধায়ক গৰাকীয়ে যি স্থানৰ পৰা স্বৰ্গদেউ চাওলুং চুকাফাৰ দ্বাৰা বৃহৎ অসমীয়া জাতি গঠনৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল সেই স্থান বিশ্ব ঐতিহ্যৰ থলী হবলৈ আগবঢ়া বিষয়টোত মুখ্যমন্ত্ৰী গৰাকীৰ লগতে প্ৰধানমন্ত্ৰী গৰাকীক তেওঁলোকৰ পদক্ষেপ আৰু প্ৰচেষ্টাৰ বাবে দুয়োগৰাকীকে সংবাদ মাধ্যমযোগে আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। ইফালে ৰাজ্যৰ কেবিনেট মন্ত্ৰী তথা চৰাইদেউ জিলাৰ মাহমৰাৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহনে মুখ্যমন্ত্ৰীগৰাকীৰ ৰাজহুৱা ঘোষণাৰ পাছতে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ লগতে ব্যক্তিৰ সৈতে আজি দুপৰীয়া চৰাইদেউ মৈদাম প্ৰাংগণত উপস্থিত হৈ শ্ৰদ্ধা নিবেদন কৰি সাংবাদিকৰে মুখামুখি হৈ কয় যে অসমৰ বাবে আজি এক আনন্দৰ দিন। চৰাইদেউ মৈদামক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হোৱাৰ পথত এতিয়া এক শতাংশহে বাকী আছে। ছেপ্টেম্বৰ মাহত ইউনেস্কৰ দল আহি চৰাইদেউত আনুষ্ঠানিক ঘোষণা কৰিবলৈহে এতিয়া বাকী বুলি মহনে কয়। তেওঁ মুখ্যমন্ত্ৰীগৰাকীৰ এনে ঘোষণাই চৰাইদেউ জিলাবাসীৰ লগতে অসমবাসীক সন্মান জনোৱা বুলি কৈ লগতে কয় যে মুখ্যমন্ত্ৰীগৰাকীৰ নেৰানেপেৰা চেষ্টা আৰু আন্তৰিকতাৰ ফলত প্ৰধানমন্ত্ৰী গৰাকীয়ে এনে পদক্ষেপৰে এক মহান কাম কৰিলে বুলি কয়। চৰাইদেউ মৈদামক্ষেত্ৰ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হলে চৰাইদেউৰ লগতে ৰাজ্যৰ পৰ্যটন আৰু আৰ্থ সামাজিক দিশত ব্যাপক লাভান্বিত হোৱাৰ এক পৰিবেশ সৃষ্টি হব বুলি মন্ত্ৰী গৰাকীয়ে বক্তব্য আগবঢ়াই। আনহাতে মুখ্যমন্ত্ৰী গৰাকীৰ ঘোষণাৰ পাছতে টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে আজিৰ দিনটো চৰাইদেউ জিলাবাসীৰ লগতে অসমবাসীৰ বাবে এক বিশেষ দিন, সুখৰ দিন বুলি উল্লেখ কৰে। তেওঁ লগতে কয় যে আহোম জনগোষ্ঠীয় দল সংগঠনৰ লগতে অসমৰ বিভিন্ন দল সংগঠনৰ দীৰ্ঘদিনীয়া এক দাবী আছিল যে অসমত ছশ বছৰীয়া আহোম ৰাজত্ব কাল আৰম্ভ কৰা চাওলুং চুকাফাৰ যি ৰাজধানী সেই চৰাইদেউক বিশ্ব ঐতিহ্য থলী হিচাপে ইউনেস্কৰ দ্বাৰা চিহ্নিত কৰাৰ বাবে চৰকাৰে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। অৱশেষত এই দাবীৰ আধাৰত চৰাইদেউক বিশ্ব ঐতিহ্য ক্ষেত্ৰ হিচাপে স্বীকৃতি দিয়াৰ বাবে কেন্দ্ৰীয় চৰকাৰে যি পদক্ষেপ গ্ৰহণ কৰিছে সমান্তৰাল ভাৱে অসম চৰকাৰে এই বিষয়ত যি সহযোগিতা আগবঢ়াইছে তাৰবাবে টাইপাৰ সভাপতিগৰাকীয়ে কেন্দ্ৰ ৰাজ্য উভয় চৰকাৰৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰিছে।

প্ৰেৰক দুষ্যন্ত নাথ

You might also like